পৰীক্ষা পে চৰ্চা বাবে এতিয়ালৈকে ২.৫ লাখ আবেদন
নিয়মীয়া বাৰ্তা ১৫ জানুৱাৰীঃ দশম আৰু দ্বাদশ শ্ৰেণীৰ বৰ্ডৰ পৰীক্ষা সমাগত। এই সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ মন বিষন্নতাৰে ভৰি পৰে। তাৰ পৰা উপশম ঘটাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শিক্ষাৰ্থী আৰু শিক্ষক সকলৰ মাজত পৰীক্ষাক লৈ ভয় আৰু শংকা আঁতৰ কৰিবলৈ অহা ২০ জানুৱাৰীত পৰীক্ষা পে চৰ্চা শীৰ্ষক অনুষ্ঠান আয়োজন কৰিছে। প্ৰধানমন্ত্ৰীক লগ পাবলৈ ছাত্ৰ-ছাত্ৰী সকলক যথেষ্ট উতসাহী হৈ থকা দেখা গৈছে। এতিয়া লৈকে এই অনুষ্ঠানত ভাগ লবলৈ ২.৫ লাখ আবেদন ছাত্ৰ-ছাত্ৰীৰ পৰা লাভ কৰিছে। উল্লেখ্য যে যোৱা বৰ্ষতকৈ এইবাৰ ১ লাখ আবেদন বেছিকৈ লাভ কৰিছে।