মোৰ বক্তব্য ভুল প্রমাণিত হ’লে পদ্মশ্রী ওভতাই দিম
নিয়মীয়া বাৰ্তা ১৪ নৱেম্বৰঃ ১৯৪৭ৰ স্বাধীনতাক ভিক্ষা আখ্যা দি ২০১৪ চনত ভাৰতে প্রকৃত স্বাধীনতা পোৱা বুলি কৰা মন্তব্যৰ বাবে অভিনেত্রী কংগনা ৰাণাৱটৰ বিৰুদ্ধে দেশজুৰি তীব্র প্রতিক্রিয়া অব্যাহত আছে৷ পদ্মশ্রী সন্মান ওভতাই দিয়াৰ লগতে অভিনেত্রীগৰাকীক গ্রেপ্তাৰৰ দাবী তীব্রতৰ হৈ উঠাৰ সময়তে আজি টুইটাৰযোগে আত্মপক্ষ সমর্থন কৰি কংগনা ৰাণাৱটে কয় যে স্বাধীনতাক লৈ তেওঁ যি মন্তব্য আগবঢ়াইছে, সেয়া ভুল প্রমাণিত হ’লে পদ্মশ্রী ওভতাই দিব৷ ইনষ্টাগ্রামত অভিনেত্রীগৰাকীয়ে লিখিছে–সকলো স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ১৮৫৭ স্বাধীনতাৰ প্রথম সংগৃহীত সংগ্রাম সাক্ষাৎকাৰত সুভাষ চন্দ্র বসু, ৰাণী লক্ষ্মীবাঈ, বীৰ ছাভাকাৰৰ বলিদানক স্বীকাৰ কৰা হৈছে৷ ১৮৫৭ত আৰম্ভ হোৱা যুঁজখন কেতিয়াকৈ ১৯৪৭ চনত হৈছিল, তাৰ বিষয়ে তেওঁ জ্ঞাত নহয়৷ কোনোবাই যদি মোক এই সন্দর্ভত সঠিকভাৱে বুজাই দিব পাৰে, তেতিয়াহ’লে তেওঁ পদ্মশ্রী ওভতাই দিব লগতে ক্ষমা খুজিব৷