বিশুদ্ধ খোৱা পানী যন্ত্ৰ ভাৰতীয় সেনাৰ দ্বাৰা টিৰাপ উচ্চ মাধ্যমিক বিদ্যালয়ত বিতৰণ
নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰঃ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী থানাৰ অন্তৰ্গত হাচাকস্থিত ভাৰতীয় সেনাৰ দ্বাৰা আজি টিৰাপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত এক বিশুদ্ধ খোৱাপানীৰ ওপৰত সজাগতা সভাৰ আয়োজন কৰে। অঞ্চলটোৰ দাতিকাষৰীয়া অঞ্চলসমূহত বিশুদ্ধ খোৱাপানীৰ যথেষ্ট অসুবিধা। এই অঞ্চলসমূহৰ ছাত্ৰ ছাত্ৰী তথা ৰাইজৰ হিতাৰ্থে বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ উপস্থিতত খোৱা পানী সংৰক্ষণ যন্ত্ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিতৰণ কৰে ভাৰতীয় সেনাই। ইয়াৰদ্বাৰা ছাত্ৰ ছাত্ৰী সকলে বিশুদ্ধ খোৱাপানী লাভ কৰিব আৰু বেমাৰ আজাৰৰ পৰা ৰক্ষা পৰিব লগতে ভাৰতীয় সেনাৰ এই কাৰ্যৰ দ্বাৰা স্থানীয় ৰাইজ আৰু তেওঁলোকৰ মাজত এক সু সম্পৰ্ক বৰ্তি থাকিব বুলি এক প্ৰেছ বাৰ্তা যোগে উল্লেখ কৰে। এই কাৰ্যসূচীত সেনাৰ কেইবাজনো বিষয়া উপস্থিত থাকে।