ডিজিটেল যুগে বিশ্বৰ সকলো ক্ষেত্রতে আনিছে পৰিৱর্তন
নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ ডিজিটেল যুগে সকলো ক্ষেত্রতে পৰিৱর্তন আনিছে৷ ৰাজনীতি, অর্থনীতি আৰু সমাজক নতুন গতি দিছে৷ সার্বভৌমত্ব, প্রশাসন, নীতি, অধিকাৰ আৰু নিৰাপত্তাৰ ক্ষেত্রতো নতুন প্রশ্ন উত্থাপন হৈছে৷ –এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ ভার্চুৱেলযোগে ছিডনী বৈঠক সম্বোধন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ডিজিটেল যুগৰ পৰিৱর্তনৰ বিষয়ে উল্লেখ কৰাৰ লগতে ক্রীপট’কাৰেঞ্চীৰ প্রসংগতো গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়৷
প্রধানমন্ত্রী মোদীয়ে কয়– ক্রীপট’কাৰেঞ্চী যাতে ভুল হাতত নপৰে, তাৰ বাবে বিশ্বৰ গণতান্ত্রিক দেশসমূহে একেলগে কাম কৰি নিশ্চিত কৰিব লাগিব৷ কিয়নো ক্রীপট’কাৰেঞ্চী ভুল হাতত পৰিলে আমাৰ যুৱ প্রজন্ম ধ্বংস হ’ব পাৰে৷ আনপিনে নতুন প্রযুক্তিৰ দৃষ্টিভংগীক আগবঢ়াই নিয়াৰ ক্ষেত্রত প্রাধান্য দিয়া বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়ে কয়– টেলিকম খণ্ডত ৫জি আৰু ৬জিকে ধৰি বিভিন্ন ক্ষেত্রত থলুৱা সক্ষমতা উন্নীত কৰাৰ বাবে চৰকাৰে বিনিয়োগ কৰি আছে৷ জনতাৰ সবলীকৰণ উৎসক দেশে ডাটা হিচাপে ব্যৱহাৰ কৰি আছে৷ ১৩০ কোটিতকৈ অধিক ভাৰতীয়ৰ ইউনিক ডিজিটেল পৰিচয়ৰ ব্যৱস্থাৰে ভাৰতে বিশ্বৰ সবাতোকৈ সম্প্রসাৰিত ৰাজহুৱা তথ্যৰ আন্তঃগাঁথনি নির্মাণ কৰিছে বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷
তদুপৰি তেওঁ কয়– ডাটাই আজি প্রযুক্তিৰ বৃহত্তম উৎপাদন৷ ভাৰতত আমি ডাটা সুৰক্ষা, গোপনীয়তা আৰু নিৰাপত্তাৰ বাবে শক্তিশালী ফ্রেমৱর্ক সৃষ্টি কৰিছোঁ৷ আমি ৬ লাখ গাঁৱক ব্রডব্রেণ্ডেৰে সংযোগ কৰাৰ দিশে আগবাঢ়িছোঁ৷ এই ব্যৱস্থা ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত কৌশলগত সহযোগিতাৰ দ্বাৰা সম্ভৱ হৈ উঠিব৷ প্রযুক্তি আৰু ডাটাই ডিজিটেল যুগৰ নতুন অস্ত্র হৈ উঠিছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– গণতন্ত্র আৰু ডিজিটেল নেতৃত্বধাৰী ভাৰতে সমৃদ্ধি আৰু নিৰাপত্তাৰ কাৰণে অংশীদাৰিত্বৰ সৈতে কাম কৰিবলৈ সাজু৷
উল্লেখ্য যে অষ্ট্রেলিয়ান ষ্ট্রেটেজিক পলিচী ইনষ্টিটিউটৰ দ্বাৰ আয়োজিত ১৭–১৯ নম্বৰলৈ চলিত ছিডনী বৈঠকত ‘ভাৰতৰ প্রযুক্তি বিৱর্তন আৰু বিপ্লৱ’ শীর্ষক বিষয়ত প্রধানমন্ত্রী মোদীয়ে এই মন্তব্য আগবঢ়ায়৷ অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিছনে আৰম্ভণি বক্তব্য প্রদান কৰাৰ পাছতে ভাৰতৰ প্রধানমন্ত্রী মোদীয়ে উল্লিখিত বিষয় সন্দর্ভত গুৰুত্বপূর্ণ মন্তব্য কৰে৷