নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱেম্বৰ মাহতে অস্বাভাৱিক হাৰত শুকাইছে ব্রহ্মপুত্রঃ উজনিৰ পৰা নামনিলৈ ঠায়ে ঠায়ে মৰুভূমিসদৃশ পৰিৱেশ

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ বাৰিষা বানৰ বিভীষিকা সৃষ্টি কৰা ব্রহ্মপুত্র খৰালি হৈ পৰে শান্ত–সৌম্য৷ অতীজৰে পৰা ব্রহ্মপুত্রৰ খৰালিৰ এই ৰূপে সৌন্দর্যবর্ধন কৰি অহাই নহয়, নৈখনৰ এনে ধীৰ–স্থিৰ ৰূপে আকর্ষিত কৰি আহিছে পর্যটকসকলক৷ কিন্তু হঠাৎ যেন ব্রহ্মপুত্র শুকাই যোৱা পৰিৱেশৰ সৃষ্টি হৈছে৷ ফাগুন–চ’ত মাহত ব্রহ্মপুত্রই বিভিন্ন অঞ্চলত প্রকাণ্ড বালি চৰৰ সৃষ্টি কৰাই নহয়, নৈখনৰ পানী হ্রাস হয়৷ কিন্তু নৱেম্বৰ মাহতে অস্বাভাৱিকৰূপে হ্রাস পাইছে ব্রহ্মপুত্রৰ জলাধাৰ৷ উজনিৰ পৰা নামনিলৈ এতিয়া ব্রহ্মপুত্রৰ দুয়োপাৰে বালি চৰৰ সৃষ্টি হোৱা ঘটনাই নৈপৰীয়া ৰাইজক উদ্বিগ্ণ কৰি তুলিছে৷

অসমৰ হূৎপিণ্ড ব্রহ্মপুত্রৰ জলপৃষ্ঠ হঠাৎ এনেধৰণে হ্রাস পাই যোৱাৰ ফলত এক অশনি সংকেতৰ সম্ভাৱনাক লৈ চিন্তিত হৈ পৰিছে ৰাজ্যবাসী৷ উল্লেখ্য যে ডিব্রুগড়, লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলত নৈখন প্রত্যক্ষ কৰিলে দৃশ্যমান হয় কেৱল বালিময় পৰিৱেশ৷ আঘোণ মাহত নৈখনৰ পানী যিবোৰ অঞ্চলত ভর্তি হৈ থাকে, তেনে অঞ্চলত এইবাৰ দৃশ্যমান হৈছে কেৱল বালি৷ ডিব্রুগড়ৰ বগীবিল দলঙৰ ওপৰৰ পৰা চালে নৈখনৰ অধিকাংশ ঠাই বালিৰে পূৰ যোৱাটো দৃশ্যমান হৈছে৷ ফলত বগীবিল দলঙৰ পৰা খৰালিৰ নৈখনৰ সৌন্দর্য উপভোগ কৰিবলৈ ওলোৱা পর্যটকে নৈখনৰ এই ৰূপ দেখি আতংকিত হৈ পৰিছে৷ চিৰপ্রৱহমান নৈখনৰ সোঁত চাবলৈ অহা পর্যটকে এনে অস্বাভাৱিক আচৰণ দেখি ব্রহ্মপুত্রৰ উৎপত্তিস্থলত নির্মাণ হোৱা বান্ধৰ কু–ফল বুলিও আলোচনা কৰিবলৈ লৈছে৷

উল্লেখ্য যে চীনে ব্রহ্মপুত্রৰ উৎপত্তিস্থলত বৃহৎ জলবিদ্যুৎ প্রকল্প নির্মাণৰ বাবে আৰম্ভ কৰা কাম–কাজৰ ফলত নৈখনৰ পানী শুকাই যোৱাৰ সম্ভাৱনা দীর্ঘসময়ৰ পৰা চর্চিত হৈ আহিছে৷ আনকি চুবুৰীয়া দেশখনে বৃহৎ নদীবান্ধৰ কাম প্রায় সম্পূর্ণ কৰা বুলিও ইতিমধ্যে সংবাদ প্রকাশ পাইছে৷ এনে অৱস্থাত চীনে নৈখনৰ পানীক বাধা দিয়াৰ বাবেই ব্রহ্মপুত্রৰ পানী অস্বাভাৱিকভাৱে হ্রাস হৈ গৈছে নেকি, সেই প্রশ্ণ উত্থাপন হৈছে৷ ইফালে, গুৱাহাটী মহানগৰীৰ সৌন্দর্যবর্ধন কৰি অহা ব্রহ্মপুত্রৰ দুয়োপাৰে শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে কেৱল বালি আৰু বালি৷ চন্দ্রপুৰৰ পানীখাইতীৰ পৰা নীলাচল পাহাৰৰ নামনিলৈ প্রায় ৫০ কিলোমিটাৰ অঞ্চলত এতিয়া দৃশ্যমান হৈছে বালি৷ এই সময়ছোৱাত চন্দ্রপুৰ–পানীখাইতী কৃষক শাক–পাচলিৰ খেতিৰে আর্থিকভাৱে যথেষ্ট লাভৱান্বিত হয়৷ কিন্তু ব্রহ্মপুত্রৰ এনে অস্বাভাৱিক আচৰণক লৈ মূৰে–কপালে হাত দিবলগা হৈছে খেতিয়কসকলে৷ পলসৰ পৰিৱর্তে এইবাৰ নৈৰ প্রায় মাজভাগলৈ কেৱল বালি আৰু বালি৷ এনে পৰিস্থিতিত খেতিৰ পৰা আঁতৰি আহিবলগা হৈছে বহুসংখ্যক কৃষক৷

নৈপৰীয়া লোকসকলৰ মতে, দীর্ঘ বছৰৰ অন্তত ব্রহ্মপুত্রৰ পানী এনেদৰে হ্রাস পোৱাটো পৰিলক্ষিত হৈছে৷ অৱশ্যে সমগ্র বিষয়টোক লৈ বিশেষজ্ঞসকলে প্রকাশ কৰা মতে, চলিত বর্ষত বৰষুণৰ মাত্রা অভাৱনীয়ভাৱে হ্রাস পোৱাৰ ফলত নৈখনৰ জলাধাৰ পূর্বৰ তুলনাত কিছু কমি গৈছে৷ অৱশ্যে চীনৰ নদীবান্ধৰ বিষয়টোক বিশেষজ্ঞসকলে অস্বীকাৰ কৰা নাই৷ বিষয়টো সন্দর্ভত কেন্দ্রীয় জলশক্তি মন্ত্রালয়েও কোনো তথ্য প্রকাশ কৰা নাই৷ এনে অৱস্থাত ব্রহ্মপুত্রৰ এনে অস্বাভাৱিক পানী হ্রাসে নৈপৰীয়া অঞ্চলত মৰুভূমিসদৃশ পৰিৱেশৰ সৃষ্টি কৰিব নেকি তাক লৈও উত্থাপন হৈছে নানা প্রশ্ন৷

You might also like