নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় এদিনীয়াত ৩৬ ৰানত জয়ী টীম ইণ্ডিয়া

নিয়মীয়া বার্তা, ১৮ জানুৱাৰীঃ অষ্ট্রেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত শক্তিশালী প্রত্যাৱর্তন ঘটাইছে টীম ইণ্ডিয়াই৷ প্রথম এদিনীয়াত ১০ উইকেটত বিধ্বস্ত হোৱা বিৰাট কোহলি নেতৃত্বাধীন ঘৰুৱা দলটোৱে কালি ৰাজকোটত কেংগাৰু বাহিনীক ৩৬ ৰানত পৰাস্ত কৰিবলৈ সক্ষম হয়৷

দ্বিতীয় এদিনীয়াত এই সহজ জয়েৰে টীম ইণ্ডিয়াই তিনিখন মেচৰ এদিনীয়া শৃংখলাত সমতা স্থাপন কৰে৷

৩৪১ ৰানৰ বৃহৎ লক্ষ্যৰ পিছ লৈ অষ্ট্রেলিয়াই ৪৯.১ অভাৰত ৩০৪ ৰানত অল আউট হয়৷ দলটোৰ হৈ ষ্টিভেন স্মিথে ৯৮, লাবুছানেই ৪৬, আৰন ফিনছে ৩৩ ৰান কৰাৰ বাহিৰে আন কোনো এগৰাকী বেটছমেনে অধিক সময় ক্রিজত থাকিব নোৱাৰিলে৷

ভাৰতৰ হৈ মহম্মদ ছামিয়ে তিনিটা, নৱদীপ ছাইনী, ৰবীন্দ্র জাদেজা আৰু কুলদীপ যাদৱে দুটাকৈ উইকেট পায়৷ ইয়াৰ পূর্বে অষ্ট্রেলিয়াৰ আমন্ত্রণক্রমে ইনিংছ মুকলি কৰি ভাৰতে নির্ধাৰিত ৫০ অভাৰত ৬ উইকেটৰ বিনিময়ত ৩৪০ ৰান সংগ্রহ কৰে৷ ঘৰুৱা দলটোৰ এই বৃহৎ স্ক’ৰৰ মূলতেই আছিল অ’পেনাৰ শিখৰ ধাৱন, অধিনায়ক বিৰাট কোহলি আৰু উইকেটৰক্ষক–বেটছ লোকেশ ৰাহুলৰ চমকপ্রদ অর্ধশতক৷ ধাৱনে ৯০ বলৰ সন্মুখীন হৈ ১৩টা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰীৰ সহায়ত ৯৬ ৰানৰ অনবদ্য বৰঙণি আগবঢ়ায়৷

ৰাহুলে মাত্র ৫২টা বল খেলি ৬টা বাউণ্ডেৰী আৰু তিনিটা অভাৰ বাউণ্ডেৰীৰে ৮০ ৰানৰ বিস্ফোৰক ইনিংছ খেলে৷ কোহলিয়ে ৭৬ বলত ৬টা বাউণ্ডেৰীৰ সহায়ত ৭৮ ৰান সংগ্রহ কৰে৷ ৰোহিত শর্মাই ৪২, শ্রেয়াছ আয়াৰে ৭, মনীষ পাণ্ডেই ২ আৰু ৰবীন্দ্র জাদেজাই অপৰাজিতভাৱে ২০ ৰান কৰে৷

You might also like