আত্মাৰ সন্ধান নোপোৱালৈকে হ’ব নোৱাৰে প্রকৃত জ্ঞানৰ অধিকাৰী
শিৱসাগৰ মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাত দিগন্ত বিশ্ব শর্মা
নিয়মীয় বাৰ্তা ৪ ডিচেম্বৰঃ শিৱসাগৰ জিলাৰ জয়সাগৰস্থিত শিৱসাগৰ কলেজত শুকুৰবাৰে অনুষ্ঠিত হয় নৱাগত আদৰণী সভা৷ শিৱসাগৰ কলেজৰ ছাত্র একতা সভাৰ উদ্যোগত আৰু কলেজ কর্তৃপক্ষৰ সহযোগত কলেজৰ মাধৱ চন্দ্র বৰুৱা প্রেক্ষাগৃহত আয়োজিত নৱাগত আদৰণী সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে সুবক্তা, স্বামী অৰবিন্দ আৰু স্বামী বিবেকানন্দৰ অনুগামী দিগন্ত বিশ্ব শর্মা৷ শিৱসাগৰ কলেজৰ অধক্ষ্যহ সঞ্চালন কৰা ডক্ত নৱাগত আদৰণী সভাখনত ছাত্র সমাজক উদ্দেশ্যি দিগন্ত বিশ্ব শর্মাহ এক মনোগ্রাহী ভাষণ প্রদান কৰে৷ ভাৰতীয় সংস্কৃতিৰ আধাৰত ‘শিক্ষা’ক বিশ্লেষণ কৰি শর্মাহ কয়– ‘স্বৰাট’ প্রাপ্তিয়ে প্রকৃত শিক্ষা৷ ‘স্বৰাট’ হৈছে আত্মাৰ জ্ঞান৷ যেতিয়ালৈকে কোনোৱে আত্মজ্ঞানৰ সন্ধান নাপায়, তেতিয়ালৈকে তেওঁ প্রকৃত জ্ঞানৰ অধিকাৰী হ’ব নোৱাৰে৷ ভাৰতীয় দর্শন আৰু চৈতন্য জ্ঞানৰ মাধ্যমেৰে শর্মাহ পৰম্পৰাগত ভাৰতীয় শিক্ষাক বিশ্লেষণ কৰি ৰাজর্ষি জনক, যজ্ঞবল্ক, নাৰদ, নচিকেতা, অশ্বত্থামা আদি উপনিষদ–গীতাৰ চৰিত্রসমূহৰ উদাহৰণ দি নিজৰ আত্মাক পৰিচিত হোৱাৰ পথ প্রদর্শন কৰে৷ তেওঁ কয়– ‘শিক্ষা বাহিৰৰ পৰা জ্ঞান আয়ত্ত কৰাৰ এক ব্যৱস্থা নহয়৷ কিন্তু শিক্ষা হৈছে নিজৰ আত্মাক জনাৰ মাধ্যম৷’
উপনিষদত থকা ৰাজর্ষি জনক আৰু ঋষি যজ্ঞবল্কৰ কথোপকথনৰ উদ্ধৃতি দি তেওঁ কয়– ‘মহর্ষি জনকৰ পোহৰৰ উৎস সন্দর্ভত যজ্ঞবল্কৰ উত্তৰত সন্তুষ্ট নোহোৱা জনকৰ প্রশ্ণ তেতিয়া শেষ হৈছিল, যেতিয়া যজ্ঞবল্কহ কৈছিল– পোহৰৰ মৌলিক উৎস আমাৰ অন্তৰ আত্মা৷’ শিৱসাগৰ কলেজৰ সংগীত ‘পোহৰ বিচাৰি যাওঁ’ৰ আঁত ধৰি শর্মাহ কলেজৰ ছাত্র–ছাত্রীসকলক উৎসাহিত কৰি কয় যে নিজৰ মাজত নচিকেতাক সন্ধান কৰাহ এজন ছাত্রৰ দায়িত্ব৷ যিদৰে নচিকেতাহ যম ৰজাৰ পৰা আত্মাৰ জ্ঞান বিচাৰি একাগ্র হৈছিল, সেহদৰে আজিৰ ছাত্র একাগ্র হ’ব লাগে নিজৰ অন্তৰ আত্মাক অন্বেষণ কৰাৰ বাবে৷ আজিৰ ছাত্রই নচিকেতাৰ আত্মানুসন্ধান কৰাত সহায়ক হ’ব লাগে শিক্ষক৷ প্রতিজন ছাত্রৰ ভিতৰত থকা নচিকেতাক পৰিচয় কৰাহ দিয়া শিক্ষকৰ দায়িত্ব৷ প্রতিজন ছাত্রৰ ভিতৰত একো একোটা গুণ পঞ্জীভুত হৈ থাকে৷ এহ গুণক বিকশিত কৰি উৎকর্ষ সাধন কৰাহ শিক্ষকৰ দায়িত্ব৷ নিজৰ ভিতৰত থকা নচিকেতাক বিচাৰি পালে আমাৰ ছাত্র সমাজ চাকৰিমুখী নহয়, কিন্তু আনক চাকৰি দিবলৈ সক্ষম হ’ব৷ স্বামী বিবেকানন্দৰ পৰাবিদ্যা আৰু অপৰাবিদ্যাৰ উল্লেখ কৰি শর্মাহ কয়– ‘ভাৰতত দুয়োটা বিদ্যাৰ সংমিশ্রণৰ প্রয়োজন আছে৷ হাজাৰ বছৰৰ ভাৰতীয় সংস্কৃতিৰ জ্ঞানেৰে পৰিপুষ্ট ভাৰতীয় শিক্ষাহ অন্তৰ আত্মাৰ আলোকৰ সন্ধান কৰে৷ এয়ে হৈছে পোহৰৰ অবিনাশী উৎস৷ কিন্তু এই উৎস আহৰণৰ বাবে ‘স্বৰাট’ প্রাপ্তিৰ বাবে অন্তৰত শ্রদ্ধাৰ প্রয়োজন৷ হূদয়ত কেৱল শ্রদ্ধা অংকুৰিত কৰি ‘স্বৰাট’ প্রাপ্ত কৰিব পৰা যায়৷ এনে প্রাপ্তিয়ে আজিৰ প্রজন্মৰ চাকৰিমুখী চিন্তা ৰোধ কৰিব৷ তাৰ পৰিৱর্তে আজিৰ ছাত্র ভৱিষ্যৎ গঢ়োতা হ’ব৷ নিজে হৈ পৰিব একো একোজন আদানি–ম্বানি৷ নিজৰ নিয়োগৰ চিন্তা নকৰি আনক নিয়োগৰ পথ প্রদর্শন কৰিব পাৰিব৷’ শিৱসাগৰ কলেজত নতুনকৈ নামভর্তি কৰা ছাত্র–ছাত্রীসকলক লৈ আয়োজন কৰা নৱাগত আদৰণী সভাখনত ডপাধক্ষ্য ড০ দিগন্ত শর্মা, ছাত্র একতা সভাৰ সভাপতি ভার্গৱ চাংমাহ, সম্পাদক অংকুৰ ৰঞ্জন বৰুৱা আদিকে কৰি কলেজৰ শিক্ষক সমাজ আৰু ছাত্র সমাজ উপস্থিত থাকে৷