নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনাকাংক্ষিত অভিলেখ বিৰাটৰ

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ নিউজিলেণ্ডৰ বিৰুদ্ধে ৱাংখেড়ে ষ্টেডিয়ামত শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা দ্বিতীয় তথা অন্তিম টেষ্টৰ প্রথম দিনা এক অনাকাংক্ষিত অভিলেখৰ গৰাকী হয় টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি৷ বাঁওহতীয়া স্পীনাৰ আজাজ পেটেলৰ বলত বিতর্কিতভাৱে এল বি ডব্লিউ আউট হৈ পেভিলিয়নলৈ ওভতাৰ লগে লগে তাৰকাগৰাকী ঘৰৰ মাটিত সর্বাধিকবাৰ ০ ৰানত আউট হোৱা ভাৰতীয় অধিনায়ক হিচাপে অভিলেখৰ গৰাকী হয়৷ তেওঁ ভাৰতৰ প্রাক্তন অধিনায়ক মনছুৰ আলী খান পাটাউদীৰ (৫) অভিলেখ অতিক্রম কৰে৷ পাটাউদীয়ে টেষ্ট ক্রিকেটত ঘৰৰ মাটিত পাঁচবাৰ ০ ৰানত আউট হৈছিল৷ একেদৰে কপিলদেৱ আৰু এম এছ ধোনীয়ে অধিনায়ক হৈ থকা সময়ত ঘৰৰ মাটিত তিনিবাৰকৈ শূন্যত আউট হৈছিল৷ সামগ্রিকভাৱে কোহলিয়ে আজি টেষ্ট ক্রিকেটত ১০ বাৰ শূন্যত আউট হোৱাৰ আন এক অভিলেখ ৰচে৷

You might also like