পীকক আন্তর্জাতিক চলচ্চিত্র মহোৎসৱঃ অসম কন্যা শ্ববনম বৰগয়াৰীলৈ শ্রেষ্ঠ অভিনেত্রীৰ সন্মান
নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ: পূর্ণাংগ অসমীয়া ছবি ‘দ্য কনছিকুৱেঞ্চ’লৈ আহিল বহুকেইটা ভাল খবৰ৷ উল্লেখ্য যে ম’বাইল, ভিডিঅ’ গেম, টেলিভিছন তথা ইলেক্ট্রনিক মাধ্যমৰ প্রতি থকা নৱপ্রজন্মৰ অধিক আসক্তিৰ পৰা হ’ব পৰা শাৰীৰিক, মানসিক প্রভাৱৰ ওপৰত নির্মাণ কৰা ‘ব্লেকহোৱেল’ নামৰ চুটি ছবিখনে ‘আড্ডা চুটি ছবি মহোৎসৱ’ৰ লগতে গুৱাহাটী ইণ্টাৰনেচনেল চুটি ছবি মহোৎসৱত শ্রেষ্ঠ ছবি হিচাপে সন্মান লাভ কৰাৰ পাছতে পৰিচালক চন্দ্রশেখৰ দাসে একেটা কাহিনীৰ আধাৰত ‘দ্য কনছিকুৱেঞ্চ’ শীর্ষক এখন পূর্ণাংগ ছবিৰ পৰিকল্পনা কৰে আৰু ২০২০ বর্ষৰ শেষৰ ফালে ছবিখন সম্পূর্ণ কৰে৷ বর্তমান ছবিখনে বহুকেইখন আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱত অংশগ্রহণ কৰি শ্রেষ্ঠ শিশু ছবি, শ্রেষ্ঠ পাৰিবাৰিক ছবি হিচাপে সন্মান লাভ কৰাৰ লগতে পীকক ইণ্টাৰনেচনেল ছবি মহোৎসৱত ছবিখনৰ মূল নায়িকা অসম কন্যা শ্ববনম বৰগয়াৰীয়ে শ্রেষ্ঠ অভিনেত্রীৰ সন্মান লাভ কৰি অসমলৈ সন্মান কঢ়িয়াই আনিছে৷ লগতে সহঃ অভিনেতা হিচাপে কৃতার্থকান্ত বৰুৱাই (ৰনি) শ্রেষ্ঠ সহঃ অভিনেতাৰ বঁটা লাভ কৰিছে৷
উক্ত ছবিখনে চলিত বর্ষত ইণ্ডোফ্রেন্স ইণ্টাৰনেচনেল ছবি মহোৎসৱত শ্রেষ্ঠ শিশু ছবি, পোর্টব্লেয়াৰ ইণ্টাৰনেচনেল ছবি মহোৎসৱত পৰিচালকৰ প্রথম ছবি, গ’ল্ডেন লীফ ইণ্টাৰনেচনেল ছবি মহোৎসৱত শ্রেষ্ঠ শিশু ছবি, আন্দামান নিকোবৰ ইণ্টাৰনেচনেল ছবি মহোৎসৱত শ্রেষ্ঠ পাৰিবাৰিক আৰু শিশু ছবি, উৰুভাটি ইণ্টাৰনেচনেল ছবি মহোৎসৱত শ্রেষ্ঠ শিশু ছবি হিচাপে খ্যাতি কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ ছবিখনত অভিনয় কৰা অন্যান্য অভিনয় শিল্পীসকলৰ ভিতৰত আছে বিপুল কুমাৰ বৰা, মৃণাল দাস (প্রয়াত), বিৰিণা চক্রৱর্তী, দীপশিখা দাসানী, বলীন চৌধুৰী (প্রয়াত), দেৱযানী নাথ, শিৱপ্রসাদ নাথ, জ্ঞান গুৰুং, অমন ওজা, পৃথ্বিৰাজ কলিতা, শ্যামলীমা বৰা, নমিতা দাস, অংশুমান বৰদলৈ, ইণ্টাৰনেচনেল স্কুল, গুৱাহাটীৰ শিক্ষকবৃন্দৰ লগতে ছাত্র–ছাত্রীসকল, মায়ং যুৰীয়া নামঘৰৰ সম্পাদক সদানন্দ নাথৰ লগতে মায়ংবাসী ৰাইজ৷ ছবিখনৰ সম্পাদনা কৰে জোন খাউণ্ডে, সংগীত পৰিচালনাত অনিৰুদ্ধ বৰুবা, ছাউণ্ড মিক্সিঙত মাধুর্য গগৈ, ডি আই সুজিত বৰা, মেকআপ গৌতম চৌধুৰী, সাজ–সজ্জাত মামণি খাখলাৰী আৰু ভাস্কৰ বৰা, চিত্রগ্রহণত সুজিত দেৱ বর্মা, হিৰকজ্যোতি কলিতা, গীতৰ কথা ৰাজদীপ, কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰ, সহকাৰী পৰিচালক সত্যৰঞ্জন শর্মা, শিৱপ্রসাদ নাথ, গৌতম নবীৰুণ, অন্যান্য কাৰিকৰী বিভাগত হৰিধন শইকীয়া, অমৃত বসুমতাৰী, জয়ন্ত দাস, শশাংক দাস, চানী হালৈ আদি৷ ছবিখনৰ প্রযোজক এ এম টেলিভিছনৰ স্বত্বাধিকাৰ ড০ সঞ্জীৱ নাৰায়ণ, সহঃ প্রযোজক ৰিতু বৰা গোবিন্দ, বর্ণালী ডেকা দাস, জোন খাউণ্ড, সুজিত দেৱ বর্মাৰ লগতে নৱাগত পৰিচালক চন্দ্রশেখৰ দাস ছবিখনক লৈ যথেষ্ট আশাবাদী৷ ক’ৰোনা মহামাৰীৰ পৰা মুক্ত হৈ অসমৰ ছবিগৃহসমূহৰ পৰিৱেশ নিয়মীয়া হ’লে উক্ত ছবিখন মুক্তি দিবলৈ পৰিকল্পনা কৰিব বুলি প্রযোজকে জানিবলৈ দিছে৷