AFSPA আঁতৰাবলৈ কেন্দ্ৰক আহ্বান নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰিঅ’ৰ
নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰ: নাগালেণ্ডৰ মন জিলাত গুলীচালনাৰ ঘটনাত নিহত সকলক আজি শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। এই অনুষ্ঠানত উপস্থিত থাকি নিহতসকলক শেষ শ্ৰদ্ধা জনায় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ আৰু অন্যান্য শীৰ্ষ নেতাসকলে।
অ’টিঙত অসামৰিক লোকক গুলীয়াই হত্যা কৰা ঘটনাটো গৰিহণাৰ যোগ্য বুলি অভিহিত কৰি নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰিঅ’ই সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত কয়- “মই কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে কথা পাতিছো, তেওঁ বিষয়টো অতি গুৰুত্ব সহকাৰে লৈছে। আমি নিহতসকলৰ পৰিয়ালক আৰ্থিক সহায় আগবঢ়াইছোঁ। আমি কেন্দ্ৰীয় চৰকাৰক নাগালেণ্ডৰ পৰা এএফএছপিএ (AFSPA) আতৰাবলৈ আহ্বান জনাইছোঁ। এই আইনে আমাৰ দেশৰ ভাৱমূৰ্তি ক’লা কৰি তুলিছে।”
উল্লেখ্য যে মন জিলাৰ অ’টিং নামৰ গাঁৱত নিৰাপত্তা বাহিনীৰ নির্বিচাৰ গুলীচালনাত নিহত হোৱা শ্রমিক পৰিয়ালক কেন্দ্ৰই ১১ লাখ টকাৰ অনুদান আগবঢ়াইছে। লগতে নাগালেণ্ড চৰকাৰেও নিহতসকলৰ পৰিয়ালক ৫ লাখ টকাকৈ দিয়াৰ ঘোষণা কৰিছে।
I’ve spoken to Union Home Minister, he is taking the matter very seriously. We’ve given financial assistance to affected families. We’re asking Central govt to remove AFSPA from Nagaland.This law has blackened the image of our country: Nagaland CM Neiphiu Rio on civilian killings pic.twitter.com/cAFJsExvqE
— ANI (@ANI) December 6, 2021