নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত যুৱ-ছাত্ৰৰ অৱস্থান ধৰ্মঘটঃ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰ : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,মাজুলী জিলা সমিতিয়ে আজি উত্তৰ পুৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত গড়মুৰ সদৰত এক তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ণ কৰে।কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত পৰিষদৰ সভাপতি মুনিন্দ্ৰ ভূঞা আৰু সাধাৰণ সম্পাদক পবিত্ৰ বৰাই উল্লেখ কৰে যে,উত্তৰ পুৰ্বাঞ্চলত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰয়োগে সৰ্বসাধাৰণ জনতাৰ জীৱন বিপদাপন্ন কৰি তুলিছে। দেশৰ অন্য ৰাজ্যৰ দৰে অসম তথা উত্তৰ পুৰ্বাঞ্চলৰ জনসাধাৰণৰো ময্যদা সহকাৰে জীয়াই থকাৰ অধিকাৰ আছে।কিন্তু কেন্দ্ৰীয় চৰকাৰে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰযোয্য কৰি ৰখাৰ বাবে এই অঞ্চলৰ নাগৰিকৰ ময্যদা সহকাৰে জীয়াই থকাৰ অধিকাৰ খৰ্ব কৰিছে।পৰিষদৰ নেতাদ্বয়ে আৰু কয় যে,এই আইনৰ জৰিয়তে সেনাই ক্ষমতাৰ অপ প্ৰয়োগ কৰি নিৰপৰাধি লোকৰ হত্যাযজ্ঞ আৰম্ভ কৰিছে।ইয়াৰ পৰা উত্তৰ পুৰ্বাঞ্চলৰ নাগৰিকে পৰিত্ৰাণ পাবলৈ অথবা এই অঞ্চলৰ নাগৰিকে মোলিক অধিকাৰসহ নিৰাপদে জীৱন নিৰ্বাহ কৰিবলৈ এই ক’লা আইন বাতিল কৰিবই লাগিব বুলি পৰিষদে উল্লেখ কৰে।আৰু আজি অৱস্থান কাৰ্যসুচী ৰূপায়ণৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ জিলা উপায়ুক্তৰ যোগেদি এই আইন বাতিলৰ দাবীৰে স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

সমান্তুৰালভাৱে পৰিষদে ইয়াকো উল্লেখ কৰে যে,ইতিমধ্যে উত্তৰ পুৰ্বাঞ্চলৰ দুখনকৈ ৰাজ্য ক্ৰমে নাগালেণ্ড আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী দুজনে এই আইনৰ বিৰুধিতা কৰিছে।তাৰ বিপৰিতে কিন্ত অসমৰ মুখ্যমন্ত্ৰীজনে ইয়াৰ পক্ষতহে থিয় দিছে।মুখ্যমন্ত্ৰীজনৰ এনে জনবিৰোধী স্থিতিক পৰিষদে ধিক্কাৰ দিয়ে।লগতে সমগ্ৰ অঞ্চলৰ ৰাইজৰ স্বাৰ্থত মুখ্যমন্ত্ৰীজনকো এই আইনৰ বিৰুদ্ধে অৱস্থান কৰিবলৈ পৰিষদে আহ্বান জনাই।আজিৰ কাৰ্যসুচীত কেন্দ্ৰীয় আমন্ত্ৰিত উপদেষ্টা জগত হাজৰিকা,কেন্দ্ৰীয় কাৰ্যনিব্বাহক অলিন হাজৰিকা,জিলাৰ উপ সভাপতি বিষ্ণুজ্যোতি বৰা,গড়মুৰ আৰু কমলাবাৰী আঞ্চলিকৰ প্ৰতিনিধি সহ অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে।
প্ৰেৰকঃ প্ৰাঞ্জল খাউণ্ড

You might also like