নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইমান ওজন ! আৰক্ষীৰ গাড়ীৰ বিপৰীতে ট্ৰাকেৰে জে’ললৈ নিলে ২৫০ কেজি ওজনৰ আইছিছ নেতাক

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ ‘জাব্বা দ্যা জিহাদী’ নামেৰে পৰিচিত ইছলামিক ষ্টেট নেতা শ্বিফা অল-নিমাক বৃহস্পতিবাৰে আৰক্ষীয়ে আটক কৰে ।

সুৰক্ষা বাহিনীয়ে জনোৱা মতে নেতাজন ২০১৪ চনৰ এটা মছজিদত বোমা বৰ্ষণৰ ঘটনাৰ সৈতে সংযুক্ত হৈ আছিল ।

পিচে এইজন ২৫০ কেজি তথা ৫৬০ পাউণ্ড ওজনৰ শকতকায় নেতাক জেললৈ প্ৰেৰণৰ বাবে সাধাৰণতে আৰক্ষীয়ে ব্যৱহাৰ কৰা ট্ৰাকৰ বিপৰীতে ইৰাকী বাহিনীয়ে ব্যৱহাৰ কৰিবলগীয়া হয় এখন ট্ৰাক ।

ইপিনে এই নেতাজনক গ্ৰেপ্তাৰ কৰাটো আইছিছৰ বাবে মুখ্যম আঘাত বুলি সদৰী কৰে ইৰানৰ মন্ত্ৰী জাভেদ জৰিফে ।


উল্লেখ্য যে- ইৰাকী বাহিনীৰ এক চৰকাৰী বিবৃতি অনুসৰি, গ্রেপ্তাৰ হোৱা নেতাজন সুৰক্ষা বাহিনীৰ বিৰুদ্ধে উচতনিমূলক বক্তৃতা দিয়াৰ লগতে আইএছআইএছৰ এজন গুৰুত্বপূর্ণ নেতা আছিল।

You might also like