নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰছলাৰ চৰকাৰী ভূমিত উচ্ছেদৰ নির্দেশত হাইক’ৰ্টৰ স্থগিতাদেশ

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ শোণিতপুৰ জিলাৰ বৰছলাৰ চৰকাৰী ভূমিত প্রশাসনে উচ্ছেদ চলাবলৈ জাৰি কৰা জাননীত স্থগিতাদেশ প্রদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ অঞ্চলটোৰ প্রায় ২৫০গৰাকী লোকৰ আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়াধীশ মানসৰঞ্জন পাঠকৰ বিচাৰপীঠে এইক্ষেত্রত ব্যৱস্থা গ্রহণ নকৰিবলৈ নির্দেশ দিছে৷ বিশেষকৈ ঢেকীয়াজুলি ৰাজহ চক্র বিষয়াৰ ওচৰত আবেদনকাৰীসকলে দাখিল কৰা আবেদনসমূহ নিষ্পত্তি নোহোৱা পর্যন্ত এইক্ষেত্রত ব্যৱস্থা গ্রহণ নকৰিবলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ তদুপৰি এই উচ্ছেদৰ জাননী কি কাৰণত জাৰি কৰা হৈছে তাৰ কাৰণো পৰৱর্তী শুনানিত ন্যায়ালয়ক আবেদন কৰিবলৈ সংশ্লিষ্ট জিলাখনৰ উপায়ুক্ত, শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত আৰু ঢ়েকীয়াজুলি ৰাজহ চক্র বিষয়াক নির্দেশ প্রদান কৰিছে উচ্চ ন্যায়ালয়ে৷

উল্লেখ্য যে যোৱা ১৫ নৱেম্বৰত সেই অঞ্চলটোৰ লোকসকলক উচ্ছেদৰ জাননী জাৰি কৰিছিল ঢেকীয়াজুলি ৰাজহ চক্র বিষয়াই৷ বৰছলা মৌজাৰ বাচাচিমালো গাঁৱৰ বাসিন্দাসকলক সেই স্থান ত্যাগ কৰিবলৈ নির্দেশ প্রদান কৰি জাননি জাৰি কৰিছিল৷ চক্র বিষয়াই ১৫ ডিচেম্বৰৰ ভিতৰত এই লোকসকলক উক্ত স্থান ত্যাগ কৰিবলৈ নির্দেশ দিছিল জাননীৰ জৰিয়তে৷ অন্যথা আইন অনুসৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও সকীয়াই দিয়া হৈছিল৷ এই জাননীত ক্ষুব্ধ হৈ আবেদনকাৰীসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল ১৮২০/২০২১ নম্বৰৰ লেখ আবেদন৷ এই গোচৰটোৰ পৰৱর্তী শুনানি অহা ২ ফেব্রুৱাৰীত পুনৰ গ্রহণ কৰিব উচ্চ ন্যায়ালয়ে৷

You might also like