নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষ আৰক্ষী বিষয়া মস্কো শইকীয়াৰ অকাল বিয়োগ

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ ভাওনা আৰু অপেছাদাৰী নাট্যগোষ্ঠীৰ নাটত সাৱলীল অভিনয়েৰে বহুজনৰ হূদয় চুহ অহা অভিনেতা তথা মঙলদৈ সদৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া মস্কো শইকীয়াৰ শনিবাৰে নিশা অকাল বিয়োগ ঘটে৷ নিশা থানাত দায়িত্ব সম্পাদন কৰি থকাৰ সময়তে হূদজনিত ৰোগত আক্রান্ত হয় মৃদুভাষী আৰক্ষী পৰিদর্শকগৰাকী৷ থানাত সন্ধিয়া প্রায় ৭.৩৫ বজাত এনেদৰে হূদৰোগত আক্রান্ত হোৱাৰ সময়ত হুৱাদুৱা লাগে৷ লগে লগে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও ১৫ মিনিট পাছতে চিকিৎসকে পৰীক্ষা কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷ কিন্তু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতে পুৱতিনিশা ৩.৩০ বজাত দ্বিতীয়টো ষ্ট্রোকৰ বলি হয় আৰু দুর্ভাগ্যজনকভাৱে পুৱা ৪ বজাত মৃত্যুক আঁকোৱালি লয় সুদর্শন আৰক্ষী বিষয়াজনে৷

মঙলদৈ থানাৰ আৰক্ষীয়ে প্রকাশ কৰা অনুসৰি কালি সন্ধিয়া ৭.৪৫মান বজাত শহকীয়াক মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আপদকালীন শাখাত পৰীক্ষা কৰোৱাই জৰুৰীভাৱে গুৱাহাটীলৈ লৈ যোৱা হয়৷ গুৱাহাটী মেডিকেলত নিশা ভর্তি কৰোৱাৰ পাছত তেওঁ ১১মান বজাত সুস্থ অনুভৱ কৰে আৰু খাদ্য গ্রহণ কৰি ১মান বজাত চিকিৎসালয়ৰ কোঠাতে টোপনি মাৰে৷ তেওঁৰ লগত ব্যক্তিগত সুৰক্ষা কর্মীসহ দুজন আৰক্ষী উপস্থিত থাকে৷ নিশা সুকলমেই তেওঁ জিৰণি লৈ আছিল যদিও পুৱতিনিশা ৩.৩০মান বজাত আকৌ বুকুৰ বিষ অনুভৱ কৰে আৰু তেজেৰেই বমি কৰি মৃত্যুক সাবটি লয়৷ দেওবাৰে পুৱা মৰণোত্তৰ পৰীক্ষাৰ অন্তত তেওঁৰ গুৱাহাটী গেম ভিলেজত থকা আৱাসলৈ লৈ যোৱা হয় আৰু তাৰ পাছত কর্মস্থলী মঙলদৈ সদৰ থানা, মঙলদৈ আৰক্ষী নিৱাসলৈ শৱ লৈ গৈ অন্তিম শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ মঙলদৈ থানাত স্থানীয় বিধায়ক বসন্ত দাস, দৰং আৰক্ষীৰ বিষয়াসহ কর্মচাৰী, যুৱনেতা বসন্ত গোস্বামী, মঙলদৈ উন্নয়ন প্রাধিকাৰী প্রতাপ বৰদলৈসহ বহুজনে অন্তিম শ্রদ্ধা জ্ঞাপন কৰে৷ এগৰাকী মৃদুভাষী, সংস্কৃতিৱান আৰক্ষী বিষয়া হিচাপে পৰিচিত শহকীয়াৰ মৃত্যুত দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মা মর্মাহত হোৱাৰ লগতে মঙলদৈৰ সাংসদ দিলীপ শহকীয়া, ফিছফেডৰ অধ্যক্ষ গুৰুজ্যোতি দাসে গভীৰ শোক প্রকাশ কৰি সমবেদনা জ্ঞাপন কৰে৷ এগৰাকী নৱম শ্রেণীত অধ্যয়নৰত পুত্র আৰু কন্যাৰ পিতৃ শহকীয়াই মঙলদৈত পুত্রক লগত ৰাখি পঢ়ুওৱাৰ ব্যৱস্থা কৰিছিল৷ গুৱাহাটীত পত্নী মধুমিতা শইকীয়াসহ কন্যাই বাস কৰিছিল৷

You might also like