ঋণ বিতর্ক
অসমত ঋণক কেন্দ্র কৰি শেহতীয়াকৈ এক বিতর্কৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ বিধানসভাৰ মজিয়াত এগৰাকী নির্বাচিত জনপ্রতিনিধিয়ে ৰাজ্য চৰকাৰে ঋণ লৈ ৰাজ্য পৰিচালনা কৰাৰ অভিযোগ আনিছে৷ তেওঁৰ মতে, ৰাজ্য চৰকাৰৰ এই ঋণৰ বোজা এতিয়া জনসাধাৰণৰ মূৰত জাপি দিয়া হৈছে৷ ইতিমধ্যে ৰাজ্য চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্রীগৰাকীয়ে এই অভিযোগৰ প্রত্যুত্তৰ দি চৰকাৰে লোৱা ঋণসমূহৰ সবিশেষ তথ্য বিধানসভাৰ মজিয়াত দাঙি ধৰিছে৷ লগতে মুখ্যমন্ত্রীয়ে ভাৰত চৰকাৰ, ৰিজার্ভ বেংক আৰু অসম বিধানসভাৰ নীতিৰ আধাৰতহে যে ঋণ গ্রহণ কৰিছে, সেয়া স্পষ্ট কৰি দিছে৷ তেওঁ এই নীতিৰ বাহিৰলৈ গৈ এটকাও ঋণ চৰকাৰে লোৱা নাই বুলি ঘোষণা কৰিছে৷ এই সমস্ত বিষয়টোৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ বক্তব্য আৰু জনপ্রতিনিধিগৰাকীৰ্ অভিযোগৰ আধাৰত ঋণ সম্পর্কীয় কিছু বিষয় আলোচনাৰ প্রয়োজন আছে৷ চৰকাৰে ঋণ লোৱাৰ ক্ষেত্রত অভিযোগ অনা জনপ্রতিনিধিগৰাকীয়্ এনেধৰণে বক্তব্য আগবঢ়াইছে যেন ঋণ লোৱাটো এটা ডাঙৰ অপৰাধ৷ এনে দৃষ্টিকোণৰ পৰাই ঋণৰ সামগ্রিক বিষয়টো বিশ্লেষণ কৰা প্রয়োজন৷ প্রকৃততে ঋণ লোৱাটো অপৰাধ নেকি? অর্থনীতিৰ সূত্রই ঋণ লোৱাটো কেতিয়াও অপৰাধ হিচাপে গণ্য কৰা নাই৷ ব্যৱসায়–বাণিজ্য অথবা ব্যক্তিগত সম্পত্তি আহৰণৰ বাবে ঋণৰ প্রয়োজনীয়তা সকলোৱে উপলব্ধি কৰি আহিছে৷ ঋণৰ ওপৰত ভিত্তি কৰিয়ে বিভিন্নজনে অথবা বিভিন্ন কোম্পানী, ব্যৱসায়িক গোষ্ঠীয়ে উন্নতিৰ জখলাত আগুৱাবলৈ সক্ষম হৈছে৷ আনহাতে, বহু লোকে ঋণ লৈয়ে বিভিন্ন সম্পত্তি আহৰণ কৰিবলৈ সক্ষম হৈছে৷ এই সক্ষমতা একমাত্র ঋণৰ সুবিধাই প্রদান কৰিছে৷ এজন ব্যক্তি অথবা ব্যৱসায়িক গোষ্ঠীয়ে যদি ব্যৱসায় বৃদ্ধি অথবা প্রসাৰৰ স্বার্থত ঋণ লৈ সেই ঋণৰ ধন সঠিকৰূপে ব্যৱহাৰ কৰে, তেন্তে তেওঁৰ ব্যৱসায়িক লাভ নিশ্চিত হৈ পৰে৷ যিকোনো ব্যৱসায়ী অথবা ব্যৱসায়িক গোষ্ঠীৰ মূলধন সকলো সময়তে সমানে নাথাকে৷ এনে মূলধনৰ অভাৱৰ বাবে তেওঁলোকে ঋণ ল’বলৈ বাধ্য হয়৷ ১০০ টকাৰ ঋণ লৈ যদি ১০ টকা লাভ হয়, তেন্তে তাৰ পৰা দুটকা ঋণদাতাক সুদ হিচাপে দি ব্যৱসায়ীজন কেতিয়াও বিপদত পৰাৰ সম্ভাৱনা নাথাকে৷ আনহাতে, উৎপাদনমুখী অথবা উপার্জনক্ষম সম্পদ আহৰণৰ বাবে কোনো ব্যক্তিয়ে যদি ঋণ লয়, তেনে ঋণৰ পৰাও তেওঁ বিশেষভাৱে উপকৃত হ’বলৈ সক্ষম হয়৷ এয়া আমাৰ স্বাভাৱিক জীৱনযাত্রাৰ স্বাভাৱিক পদ্ধতি৷ অর্থনীতিৰ সূত্রই এনে ঋণৰ কোনোদিনে বিৰোধিতা কৰা নাই৷ সেই বাবেই এতিয়া বিভিন্ন বেংক অথবা বিত্তীয় প্রতিষ্ঠানে বিভিন্ন ধৰণৰ ঋণৰ ব্যৱস্থা কৰিছে৷ এই ঋণে যিদৰে ব্যৱসায়ী, ব্যৱসায়িক গোষ্ঠী অথবা ব্যক্তিবিশেষক সহায় কৰিছে, একেদৰে বেংক তথা বিত্তীয় প্রতিষ্ঠানসমূহকো ব্যৱসায়িক লাভ দিবলৈ সক্ষম হৈছে৷ এই ঋণ দিয়া আৰু ঋণ লোৱা প্রক্রিয়াটোৰ মাজত ভাৰসাম্য সঠিকভাৱে বর্তি থাকিলে সেই ঋণ সকলোৰে বাবে উপকাৰী হৈ পৰে৷
চৰকাৰ এখনৰ বাবেও ঋণ লোৱাটো এতিয়া এক অপৰিহার্য প্রক্রিয়া৷ চৰকাৰৰ বিভিন্ন আঁচনি ঋণৰ ধনৰ জৰিয়তে এতিয়া ৰূপায়িত হৈ আহিছে৷ এখন চৰকাৰে ৰাজহ সংগ্রহৰ জৰিয়তে নিজৰ মূলধন সৃষ্টি কৰিবলৈ সক্ষম হয়৷ প্রতিখন চৰকাৰৰে বার্ষিক কিমান ৰাজহ সংগ্রহ হ’ব তাৰ এটা ধাৰণা নির্দিষ্টভাৱে থাকে৷ সেইবাবেই ৰাজহ সংগ্রহৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি চৰকাৰ এখনে ঋণ গ্রহণ কৰাৰ ক্ষেত্রত কোনো অসুবিধা নাথাকে৷ ৰাজহ সংগ্রহৰ ক্ষেত্রত যদি দুমাহ পলম হয়, দুমাহ পূর্বে ঋণ লৈ যদি এখন আঁচনি চৰকাৰে ৰূপায়ণ কৰে সেই আঁচনিৰ দ্বাৰা জনসাধাৰণেই উপকৃত হয়৷ সেইবাবে এনে ঋণ জনহিতকৰ ঋণ হিচাপেহে বিবেচিত হয় আৰু সেই ঋণ লোৱাৰ বাবে আমি কোনো যুক্তিৰেই চৰকাৰক জবাবদিহি কৰিব নোৱাৰোঁ৷ আনহাতে ব্যক্তি, ব্যৱসায়ী, ব্যৱসায়িক প্রতিষ্ঠান অথবা চৰকাৰে হওক, যিয়েই ঋণ বিচাৰে তেওঁৰ ঋণ পৰিশোধৰ ক্ষমতা থাকিলেহে ঋণদাতা, বিত্তীয় প্রতিষ্ঠান অথবা বেংকে ঋণ প্রদান কৰে৷ ঋণ পৰিশোধৰ সক্ষমতা নথকা কাকোৱেই সহজে কোনো বিত্তীয় প্রতিষ্ঠান অথবা বেংকে ঋণ প্রদান নকৰে৷ সেইবাবে উন্নয়ন আৰু বিকাশৰ স্বার্থত যদি চৰকাৰে ঋণ লয়, তাৰ বাবে আমি সমালোচনা কৰাটো উচিত হ’ব নোৱাৰে৷ কিন্তু ঋণ গ্রহণ কৰা যিকোনো ব্যক্তি, ব্যৱসায়ী অথবা চৰকাৰে যদি ঋণৰ ধন সঠিক ৰূপত ব্যয় নকৰে, তেন্তে তেনে ঋণ বিপজ্জনক হৈ উঠিব পাৰে৷ ঋণ গ্রহণ কৰাৰ ক্ষেত্রত অথবা ঋণ সম্পর্কীয় আলোচনাৰ ক্ষেত্রত ঋণৰ ধনৰ ব্যৱহাৰৰ বিষয়টোহে অধিক গুৰুত্ব দিয়াৰ প্রয়োজন৷ সঠিকভাৱে গ্রহণ কৰা ঋণৰ ধনেৰেই বহু চৰকাৰে এখন দেশ অথবা ৰাজ্যক বহুদূৰ আগুৱাই নিয়াৰ উদাহৰণ অনেক আছে৷