নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ শ্বহীদ কৰম সিংহ জনমভূমি বঁটা প্ৰদান

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ: দুলীয়াজান ক্লাব প্ৰেক্ষাগৃহত শ্বহীদ কৰম সিংহ ন্যাস, অসমৰ উদ্যোগত আজি আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাক শ্বহীদ কৰম সিংহ জনমভূমি বঁটা ২০২১ সন্মানেৰে সন্মানিত কৰা হয় । এই বঁটা গ্ৰহণ কৰি ক্ৰীড়াবিদ গৰাকীয়ে কয় যে বীৰৰ সন্মান ল’বলৈ কেতিয়াও কুন্ঠাবোধ নকৰোঁ ।  শ্ৰদ্ধাসহকাৰে বীৰৰ সন্মান লৈ আহিছোঁ । শ্বহীদ কৰম সিংহৰ বঁটা গ্ৰহণ কৰি অতি আনন্দিত হৈছোঁ । অৰ্জুন ভোগেশ্বৰ বৰুৱাই ভাষণ প্ৰসংগত অসম চৰকাৰৰ ক্ৰীড়া নীতিক সমালোচনা কৰি কয় যে চৰকাৰে যচাঁ পদ্মশ্ৰী বঁটা মোক নালাগে, যেতিয়া পাব লাগিছিল তেতিয়া নাপালোঁ । অসমত ক্ৰীড়ানীতি নাই । মোৰ সমকক্ষ সকলে কেতিয়াবাই পালে । এতিয়া কৰিব নোৱাৰা সময়ত মোক যাচিছে, সেইবাবে এই সন্মান নাকচ কৰিছোঁ । নতুনচামক এই বঁটা দিয়ক, তেওঁলোকক উৎসাহ দিয়ক ।

ক্ৰীড়াবিদগৰাকীক এখনি চেলেং চাদৰ, ফুলাম গামোছা, সম্বৰ্ধনা পত্ৰ, শৰাই , এটি স্মাৰক সহ নগদ ৫০ হাজাৰ টকাৰে সম্বৰ্ধনা জনাই শ্বহীদ কৰম সিংহ ন্যাস, অসমৰ তৰফৰ পৰা আমন্ত্ৰিত অতিথি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপিকা তথা বিশিষ্ট কবি সাহিত্যিক ডঃ কৰবী ডেকা হাজৰিকাই । ক্ৰীড়াবিদগৰাকীলৈ এই বঁটা আগবঢ়াই বিশিষ্ট সাহিত্যক ডঃ কৰবী ডেকা হাজৰিকাই শিখসকলৰ অসম আৰু অসমীয়াৰ প্ৰীতিৰ বিষয়ে নিজে লাভ কৰা অভিজ্ঞতা বৰ্ণনা কৰে । একেখন মঞ্চতে শ্বহীদ কৰম সিংহ ন্যাস, অসমৰ উপদেষ্টা তথা বিশিষ্ট কবি সাহিত্যিক ডঃ নন্দ সিং বৰকলাই শ্বহীদ অসমীয়া শিখসকলৰ ইতিহাস ফঁহিয়াই বৰ্তমান পৰ্যায়ত শিখসকলে সন্মুখীন হৈ অহা সমস্যাৰাজিৰ বিষয়েও তেখেতে ভাষণ প্ৰসংগত উল্লেখ কৰে। উক্ত মঞ্চৰ পৰাই ডঃ নন্দ সিং বৰকলাই অসম চৰকাৰলৈ অসমীয়া শিখসকলৰ বাবে উন্নয়ণ পৰিষদ, হাদিৰাচকী ৰণক্ষেত্ৰত মৃত্যুবৰণ কৰা শ্বহীদৰ স্মৃতিত স্মৃতিন্যাস গঠন আৰু গুৰু টেগ বাহাদুৰ স্মৃতিত চৰকাৰী বঁটা প্ৰৱৰ্তনৰ আহ্বান জনাই। নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে আঁত ধৰা অনুষ্ঠানটোত অৰ্জুন ভোগেশ্বৰ বৰুৱাক অইল ইণ্ডিয়া লিমিটেডৰ শ্ৰমিক সংগঠন ইণ্ডিয়ান অইল ৱৰ্কাছ ইউনিয়ন, উত্তৰণ কবি চক্ৰ দুলীয়াজান, দুলীয়াজান লেখিকা সংস্হা, মাকুমৰ সূৰ্যোদয় সাংস্কৃতিক গোষ্ঠী, দুলীয়াজান গুৰুদ্বাৰ, বৰকলা অসমীয়া শিখ সমাজ, বৰকলা তিৱা সমাজ, বৰকলা যোগী সমাজ, নাহৰকটীয়া ক্ৰীড়া সন্হা আদি বিভিন্ন সংস্হা, ব্যক্তি বিশেষে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে শিল্পী যশবীৰ সিঙে ভক্তিমূলক গীতেৰে কাৰ্যসূচী মুকলি কৰে।নৃত্যশিল্পী কাৰুণ্য ক্ষিৰিণ বৰুৱাই ৰাভা নৃত্য পৰিৱেশন আৰু নগাঁৱৰ পাৰ্থপ্ৰতিম বৰুৱা, দুলীয়াজানৰ নৱব্ৰত গগৈয়ে কবিতা আবৃত্তিৰে  উপস্থিত অতিথিসকলক আপ্লুত কৰে । একেখন মঞ্চতে ডঃ নন্দ সিং বৰকলা আৰু কবিতাৰাণী সিঙৰ সম্পাদনাত “ব্ৰক্ষ্মপুত্ৰৰ উপত্যকাৰ অতুল্য ভূমিপূত্ৰ” শীৰ্ষক এখনি পত্ৰিকা উন্মোচন কৰে ডঃ কৰবী ডেকা হাজৰিকাই আৰু  বাৰ্তালোচনী “কলংপাৰ” উন্মোচন কৰে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাই ।

অনুষ্ঠানটোত উপস্হিত থাকে শ্বহীদ কৰম সিংহ ন্যাস, অসমৰ সভাপতি জগদীশ সিং, দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালা, অইল ইণ্ডিয়া লিমিটেডৰ উৎপাদন বিভাগৰ কাৰ্যবাহী সঞ্চালক অতীন্দ্ৰ ৰয়চৌধুৰী, নাহৰকটীয়াৰ প্ৰাক্তন বিধায়ক কুসুম্বৰ টাইৰাই, ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলাৰ সভাপতি জগদীশ ৰাজকোঁৱৰ, ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী ডেইজীৰাণী ফুকন শ্যাম, সমাজসেৱক অমূল্য গগৈ, নাহৰকটীয়াৰ পৌৰসভাৰ প্ৰাক্তন উপ পৌৰপতি অমূল্য চেংলাৰী, শ্বহীদ ক্ৰমে কৰম সিংহ, অজিত নেওগ আৰু কুমুদ গগৈৰ পৰিয়ালবৰ্গ আৰু বৰকলা বাসী ৰাইজ । অনুষ্ঠানৰ শেষত শলাগ জ্ঞাপন কৰে শ্বহীদ কৰম সিংহৰ কনিষ্ঠ ভ্ৰাতৃ ইকবাল সিঙে ।

You might also like