নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষতা বিকাশ প্রশিক্ষণত বৃহৎ ছিণ্ডিকেট

আছাম পাব্লিক ৱর্কছৰ বিস্ফোৰক অভিযোগ

নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সপোনৰ মিছন দক্ষতা বিকাশৰ প্রশিক্ষণক লৈ ৰাজ্যত চলিছে ব্যাপক অনিয়ম৷ দক্ষতা বিকাশৰ জৰিয়তে পৰিপক্ব লোকৰ সৃষ্টি কৰি নিবনুৱা সমস্যা হ্রাস কৰা তথা দুখীয়া লোকসকলক আর্থিকভাৱে সচ্ছল কৰাৰ যি লক্ষ্য আৰু উদ্দেশ্যে আগত লৈ ইয়াক আৰম্ভ কৰা হৈছিল, তাৰ বিপৰীতে যেন চলিছে লুণ্ঠন আৰু ছিণ্ডিকেট৷ এই বিস্ফোৰক অভিযোগ মঙলবাৰে তথ্যসহকাৰে দাঙি ধৰিলে আছাম পাব্লিক ৱর্কছ (এপিডব্লিউ)–এ৷

এখন সংবাদ মেল আয়োজন কৰি এপিডব্লিউৰ সভাপতি অভিজিৎ শর্মা আৰু সাধাৰণ সম্পাদক ধ্রুৱজ্যোতি তালুকদাৰে অভিযোগ তুলি কয়– বিগত ছটা মাহত অসমত দক্ষতা বিকাশৰ নামত একাংশ সংস্থাই চলাইছে ছিণ্ডিকেট৷ এ পি ডব্লিউৱে  অভিযোগ কৰে যে দক্ষতা বিকাশৰ প্রশিক্ষণৰ নামত একোটা সংস্থাই প্রশিক্ষার্থীৰ চাহ–ভাতৰ নামতে প্রতিদিনে লুণ্ঠন কৰিছে লক্ষাধিক টকা৷ এইক্ষেত্রত সর্বাধিক উচ্চাৰিত হৈছে আছাম বিল্ডিং এণ্ড কনষ্ট্রাকচন ৱর্কার্ছ ৱেলফেয়াৰ ব’ৰ্ডৰ নাম৷ ২০১৮ চনতে বিভিন্ন শ্রমিকক দক্ষতা বিকাশৰ প্রশিক্ষণ দিয়াৰ নামত প্রায় ৭৫ কোটি টকা খৰচ কৰিছিল এই সংস্থাটোৱে৷ উক্ত প্রশিক্ষণৰ তিনি বছৰ উকলি যোৱাৰ পিছতো বিভাগটোৱে আজিৰ দিনটোলৈকে বহু প্রশিক্ষার্থীক আদায় দিয়া নাই ধন৷ এই সন্দর্ভত যোৱা ১৪ ডিচেম্বৰত একাংশ প্রশিক্ষার্থীয়ে প্রশিক্ষণৰ নামত ধন আদায় নোপোৱাৰ বাবে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল৷ প্রশিক্ষার্থীকেইগৰাকী অভিযোগ আছিল– তেওঁলোকৰ নামত আবণ্টিত ধন ভুৱা প্রশিক্ষার্থীৰ নামত সংস্থাটোৱে হৰলুকী কৰিছে৷ কিন্তু ছিণ্ডিকেট চক্রৰ প্রভাৱতে এজাহাৰ দাখিলৰ দুসপ্তাহ পাৰ হোৱাৰ পিছতো আৰক্ষীয়ে গোচৰ ৰুজু কৰা নাই৷

লক্ষণীয়ভাৱে দিছপুৰ থানাত এজাহাৰ দাখিলৰ দায়িত্ব লাভ কৰিয়েই সংস্থাটোৰ অনুসূয়া দত্ত বৰুৱা নামৰ এজন শ্রম বিষয়াই সংস্থাটোক বচাবলৈ শেহতীয়াকৈ উঠিপৰি লাগিছে৷ সেয়াই নহয়, দক্ষতা বিকাশ প্রশিক্ষণৰ নামত এতিয়া চাৰিটা সংস্থা ক্রমে আছাম ষ্টেট আৰবান লাইভলীহুড মিছন, আছাম ষ্টেট ৰুৰেল লাইভলীহুড মিছন, আছাম স্কীল ডেভেলপমেণ্ট মিছন আৰু আছাম বিল্ডিং এণ্ড কনষ্ট্রাকচন ৱর্কার্ছ ৱেলফেয়াৰ ব’ড৷ এই চাৰিটা সংস্থাই প্রশিক্ষণৰ নামত বিগত দীর্ঘ সময় ধৰি চলাই আছে লুণ্ঠন৷ পৰীক্ষার্থীক একাপ ৰঙা চাহ, দুখন নিমখীয়া বিস্কুট আৰু ভাতৰ নামত ভুচি, দাইলৰ নামত পানী খুৱাই প্রশিক্ষার্থীৰ আবণ্টিত লাখ লাখ টকা এই চাৰি ছিণ্ডিকেট চক্রই উলিয়াই আনিছে৷ ডেৰ–দুমহীয়া একোটা প্রশিক্ষণৰ পিছত প্রতিগৰাকী প্রশিক্ষার্থীয়ে অতিকমেও ১৫ হাজাৰ টকা আদায় পাব লাগে৷ কিন্তু অধিকসংখ্যক প্রশিক্ষার্থীকেই কাৰোবাক চাৰি হাজাৰ, কাৰোবাক ৮ হাজাৰ টকা বাকী ধন আদায় নিদিয়ে৷ উত্থাপিত অভিযোগ অনুসৰি একোজন প্রশিক্ষার্থীৰ পৰা এই সংস্থাকেইটাই দুই হাজাৰ টকাকৈ হৰলুকী কৰি আছে৷ এ পি ডব্লিউৱে অভিযোগ কৰা মতে এই লুণ্ঠনৰাজত শেহতীয়াকৈ উজান দিছে আছাম স্কীল ডেভেলপমেণ্ট মিছন চমুকৈ এ এছ ডি এম–এ৷ দক্ষতা বিকাশ বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ হাতেৰেই যোৱা ৬ বছৰে এই বিভাগ পৰিচালিত হৈ আছে৷ ২০১৭–১৮ চনৰ পৰা এতিয়ালৈকে বিভাগটোৰ নামত আবণ্টিত হৈছে প্রায় ৪৮৭ কোটি টকা৷ কিন্তু পৰিতাপৰ বিষয়টো হ’ল– ৪৮৭ কোটি টকাৰ আবণ্টন পোৱাৰ পিছতো বিভাগটোৱে তেওঁলোকৰ পৰা প্রশিক্ষণ লৈ নিযুক্তি হোৱা প্রশিক্ষার্থীৰ তালিকা দিয়াত ব্যর্থ৷ ৪৮৭ কোটি টকাৰ বিনিময়ত ৰাজ্যখনত দক্ষতা বিকাশ কৰা প্রশিক্ষার্থীসকল ক’ত, কেনেকৈ সংস্থাপিত হৈছে সেয়া জনাবলৈ অপাৰগ এ এছ ডি এমে৷

যিসময়ত ব্যক্তিগত প্রতিষ্ঠানে প্রশিক্ষণ দি সফলতাৰে নিযুক্তি দিয়া ব্যক্তিসকলৰ বিজ্ঞাপন দিয়ে, তাৰ বিপৰীতে কিন্তু ৪৮৭ কোটি টকা ব্যয় কৰাৰ পিছতো এ এছ ডি এমে কোনোধৰণৰ তথ্য প্রকাশ কৰিবলৈ সক্ষম হোৱা নাই৷ কেৱল আই এছ বি টিৰ সমীপত এটা কেইবামহলীয়া আটকধুনীয়া অট্টালিকাত কার্যালয় নির্মাণ কৰি শীত–তাপ নিয়ন্ত্রিত কোঠাত বহি বিষয়াসকলে চলাইছে বিভাগটো৷ এইক্ষেত্রত মন্ত্রী চন্দ্রমোহন পাটোৱাৰীও সম্পূর্ণ নীৰৱ৷ সেয়াই নহয় আছাম ষ্টেট ৰুৰেল লিভলীহুড্ মিছনৰ নামত এতিয়ালৈ খৰচ কৰা হৈছে ৫৬৬ কোটি টকা৷ এই সংস্থাটোৱে প্রশিক্ষণ দিয়া কিমানসংখ্যক প্রশিক্ষার্থীয়ে কর্মসংস্থাপন উলিয়াবলৈ সক্ষম হৈছে, তাৰো তথ্য নাই৷ ইয়াৰ বিপৰীতে কিন্তু প্রশিক্ষণৰ নামত লুণ্ঠন চলাই লিভলীহুড মিছনৰ এগৰাকী বিষয়াই শেহতীয়াকৈ ক্রয় কৰিছে কেইবালক্ষ টকাৰ বিলাসী গাড়ী৷ মুঠৰ ওপৰত দক্ষতা বিকাশৰ নামত চাহৰ পৰা ভাতলৈ আৰু প্রশিক্ষার্থীক ভাট্টা দিয়ালৈকে সকলো ক্ষেত্রতে কেৱল চলিছে লুণ্ঠন৷ দুখীয়া আৰু নিবনুৱা যুৱক–যুৱতীসকলৰ্ দক্ষতা বিকাশ কিমান হৈছে, সেয়া আঁতৰাই ৰাখি কেৱল সংস্থাকেইটাত কোনে কিমান লুণ্ঠন চলাব পাৰে, তাৰহে প্রতিযোগিতা চলিছে৷ এ পি ডব্লিউৱে এইক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হস্তক্ষেপৰ দাবী তুলিছে৷

You might also like