নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ’ বাইডেনৰ প্রেছ টীমত কেৱল মহিলা; আমেৰিকাৰ ইতিহাসত নজিৰবিহীন ঘটনা

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত জয়লাভ কৰা ডেম’ক্রেটিক নেতা জ’ বাইডেনে প্রথমবাৰৰ বাবে নিজৰ প্রেছ টীমত সকলো সদস্য মহিলা ৰাখিছে৷ দেশখনৰ ইতিহাসত এয়া এক নজিৰ বুলিও উল্লেখ কৰিছে বাইডেনৰ কার্যালয়ে৷ এই প্রেছ টীমৰ নেতৃত্বত আছে কেট বেডিংফিল্ড৷ কেট হৈছে জ’ বাইডেনৰ প্রচাৰ যোগাযোগৰ প্রাক্তন উপ–সঞ্চালক৷

ইফালে, প্রাক্তন ৰাষ্ট্রপতি বাৰাক অ’বামাৰ সময়ত হোৱাইট হাউছৰ যোগাযোগ সঞ্চালকৰ দায়িত্ব পালন কৰা জেন ছাকিয়ে বাইডেনৰ কার্য কালত প্রেছ সচিবৰ দায়িত্ব পালন কৰিব৷ ইতিমধ্যে জ’ বাইডেনে প্রতিশ্রুতি দিছে যে তেওঁৰ প্রশাসনে এনে বিষয়বোৰক গুৰুত্ব দিব, য’ত সমগ্র দেশখন প্রতিফলিত হ’ব৷

নেতাগৰাকীয়ে এক বিবৃতিত  উল্লেখ কৰিছে যে হোৱাইট হাউছৰ যোগাযোগ টীমত আটাইকেইগৰাকী বিষয়ববীয়া মহিলা হোৱা বাবে তেওঁ গর্বিত৷ লক্ষণীয়ভাৱে প্রতিগৰাকী মহিলাই যোগাযোগৰ ক্ষেত্রখনত বিশেষ দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে৷ উপ–ৰাষ্ট্রপতি পদত নির্বাচিত কমলা হাৰিছৰ দুগৰাকী শীর্ষ প্রেছ বিষয়া হিচাপে থাকিব ছিমন ছেণ্ডার্ছ আৰু আছলি এটিনে৷

অৱশ্যে এতিয়াও আনুষ্ঠানিকভাৱে কোনো বিষয়ববীয়া নিযুক্তি দিবলৈ সক্ষম হোৱা নাই জ’ বাইডেনে৷ আগন্তুক ২০ জানুৱাৰীৰ পিছতহে বাইডেনে ৰাষ্ট্রপতিৰ দায়িত্ব গ্রহণ কৰিব৷

You might also like