নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ শান্তনুৰ প্ৰেমত অভিনেত্ৰী শ্ৰুতি….

 নিয়মীয়া বাৰ্তা ৩০ জানুৱাৰীঃ যোৱা ২৮ জানুৱাৰী তাৰিথে বলীউড অভিনেত্ৰী শ্ৰুতি হাছানে নিজৰ ৩৫ সংখ্যক জন্মদিন উদযাপন কৰিলে। উদযাপন কৰিলে অসমৰ যুৱক শান্তনু হাজৰিকাৰ সৈতে।

যোৱা ২৭ জানুৱাৰীত দুয়োকে মুম্বাইৰ ৰাজপথত একেলগে দেখা গ’ল।আৰু তাৰ পিছতে দুয়োৰে ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। লগতে দেখা পোৱা গৈছিল শ্ৰুতিয়ে নিজৰ বিমানৰ টিকট পাহৰি যাওঁতে শান্তনুৱে আহি টিকটো চমজাই দিছিল। সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভিডিঅ’টো।

জানিব পৰা মতে, শ্ৰুতি হাছান বৰ্তমান শান্তনু হাজৰিকাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে। বিভিন্ন অনুষ্ঠানত শান্তনু আৰ শ্ৰুতিক একেলগে দেখা গৈছে। শ্ৰুতি হাছানৰ জন্মদিনৰ দিনা শান্তনৱে শ্ৰতিৰ বহ কেইখন আকৰ্ষণীয় ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।শান্তনু হাজৰিকা হ’ল গুৱাহাটী এয়াৰ প্ৰজেক্টৰ ক’-ফাউণ্ডাৰ।

 

View this post on Instagram

 

A post shared by Viral Bhayani (@viralbhayani)

You might also like