চলচ্চিত্ৰ পৰিচালক, নাট্যকাৰ অৰূপ বৰঠাকুৰৰ দেহাৱসান
চলচ্চিত্ৰ পৰিচালক, নাট্যকাৰ অৰূপ বৰঠাকুৰৰ দেহাৱসান ঘটিছে। কালি নিশা ১২ বজাত মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বৰঠাকুৰে। বিগত কিছু মাহ ধৰি গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল বিশিষ্ট পৰিচালকগৰাকী।
তথ্যচিত্ৰ নিৰ্মাতা হিচাপে সৰ্বত্ৰ পৰিচিত বৰঠাকুৰে ১৯৯০ চনৰ ৩৮সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিউটী সভাপণ্ডিতে প্ৰযোজনা কৰা তথ্যচিত্ৰ “নতুন আশা”ৰ বাবে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।
বৰঠাকুৰে ভাস্কৰ্যশিল্পী বীৰেন সিংহৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা “Shadow of a Marble” নামৰ তথ্যচিত্ৰখনে সমাদৃত হোৱাৰ লগতে বহু বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাপ্ৰাপ্ত পৰিচালক অৰূপ বৰঠাকুৰৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে চলচ্চিত্ৰ জগতত।
আজি বশিষ্ঠ শশ্মানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।
নিয়মীয়া বাৰ্তা ডেস্ক, ৭ অক্টোবৰ