নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৫ বছৰৰ পাছত পুনৰ একেলগে মাধুৰী-সঞ্জয়

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰ:  “কিছি দিন বনুংগি মেয় ৰাজা কি ৰাণী, যাৰা ফিৰছে কেহনা।” – এবাৰ পুনৰ পর্দালৈ ঘূৰি আহিছে এই ৰাজা-ৰাণীৰ জুটি। মাধুৰী দীক্ষিতৰ বিপৰীতে দেখা যাব সঞ্জয় কাপুৰক।

১৯৯৫ চনৰ ‘ৰাজা’ ছবিখনৰ পাছত দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীকে একেলগে অভিনয় কৰা দেখা যোৱা নাছিল।

কিন্তু ২৫ বছৰৰ পাছত নেটফ্লিক্সৰ এখন চিৰিজত একলগে দেখা যাব মাধুৰী দীক্ষিত আৰু সঞ্জয় কাপুৰক।

লগতে পঢ়কঃ “অসমৰ প্ৰথম মানুহ, যি মোক দম দিলেও মোৰ ভাল লাগে”- আৱেগিক হৈ এইদৰে ক’লে জুবিনে

অৱশ্যে জুটি হিচাপেই দেখা যাব নে সহ অভিনতাৰ চৰিত্ৰত সেই বিষয়ে এতিয়াও মুখ খোলা নাই নির্মাতাই।

জানিব পৰা মতে, শ্রীৰাও পৰিচালিত আৰু কৰণ জোহৰৰ প্রযোজিত এই চিৰিজত এজন চুপাৰষ্টাৰৰ ভূমিকাত দেখা যাব মাধুৰীক। বিপৰীতে ছাচপেন্স ড্রামাৰ এক গুৰুত্বপূর্ণ চৰিত্রত অভিনয় কৰিব সঞ্জয় কাপুৰে।

ইতিমধ্যে নাছিকত চলিছে ছবিখনৰ শ্বু’টিং।

You might also like