নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰমকজমক সাজত তৰুণ গগৈ, ১৯৬৮ চনৰ এখন বিশেষ ফটো ভাইৰেল ছ’চিয়েল মিডিয়াত

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ কালি অৱসান ঘটিল অসমৰ ৰাজনীতিৰ এগৰাকী প্ৰবীণ পুৰুষ তথা কংগ্ৰেছৰ অবিসম্বাদী নেতা তৰুণ গগৈৰ জীৱনৰ। আজিৰ পৰা তিনি দিনলৈ ৰাজ্যজুৰি পালিত হ’ব শোক।

এই সময়খিনিতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰে স্মৃতি বিজড়িত মুহূৰ্তৰ ছবি তথা কথা শ্বেয়াৰ কৰিছে বহুতে। ইয়াৰে এখন ছবি ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। জিয়াউল হুছেইনৰ সংগ্ৰহত থকা এই আপুৰুগীয়া ফটোখনে গগৈৰ এটা বিশেষ ব্যক্তিত্বক তুলি ধৰিছে।

১৯৬৮ চনত উঠা এই ফটোখনৰ সোঁফালৰ পৰা দ্বিতীয়গৰাকী লোক আছিল আজিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। এখন প্ৰীতি ফুটবল মেচৰ সময়ত যোৰহাটত ৰমকজমক পোছাক পৰিধান কৰা দেখা গৈছে তৰুণ গগৈক। দ্বিতীয় ফটোখন আছিল ১৯৫৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত আইন পঢ়ি থকা দিনৰ আৰু তৃতীয় ফটোখন ৰাজনৈতিক জীৱনত ভৰি থোৱাৰ সময়ৰ।

প্ৰবীণ ৰাজনীতবিদ স্বৰ্গীয় তৰুণ গগৈ দেৱলৈ শ্ৰদ্ধাঞ্জলি যাচিঁলো।
( প্ৰথম ফটো: ৰাজনীতিত প্ৰথম ভৰি দিয়া সময়,
দ্বিতীয়…

Posted by Hemantajyoti Nath on Monday, November 23, 2020

 

You might also like