চীনৰ সংস্থাৰ ওপৰত বাধা নিষেধ প্রত্যাহাৰ ভাৰতৰ, বাণিজ্যিক সম্পর্ক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্য
নিউজ ডেস্ক, ১০ জানুৱাৰী : ভাৰত আৰু চীনৰ মাজৰ বাণিজ্যিক সম্পর্ক পুনৰুজ্জীৱিত কৰিবলৈ বিচাৰিছে কেন্দ্রীয় চৰকাৰে৷ ইয়াৰ লগতে কেন্দ্রীয় চৰকাৰৰ লক্ষ্য সীমান্তৰ উত্তেজনা প্রশমন কৰা৷ সেইবাবে চৰকাৰী চুক্তিৰ ক্ষেত্রত চীনৰ সংস্থাৰ ওপৰত থকা কেইবাটাও বাধা–নিষেধ প্রত্যাহাৰ কৰিবলৈ কেন্দ্রীয় চৰকাৰ আগবাঢ়িছে বুলি সংবাদ মাধ্যমৰ বাতৰিত প্রকাশ পাইছে৷
ড্রেগনৰ দেশৰ সংস্থাসমূহৰ ওপৰত এনেধৰণৰ বাধা–নিষেধ আৰোপ কৰা হৈছিল প্রায় পাঁচ বছৰ পূর্বে৷ এনেদৰে বাধা–নিষেধ আৰোপ কৰাৰ ফলত ৭০০–৭৫০ বিলিয়ন ডলাৰৰ চুক্তি সম্পূর্ণ হৈ নুঠে৷ শেহতীয়াকৈ নিষেধাজ্ঞা প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে এনডিএ চৰকাৰৰ বিত্ত মন্ত্রালয়ে৷ অৱশ্যে এইক্ষেত্রত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কার্যালয়ে৷
উল্লেখযোগ্য যে পৰিকল্পনা সম্পর্কীয় বিষয়ত এইপর্যন্ত কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই প্রধানমন্ত্রী বা বিত্ত মন্ত্রালয়ৰ তৰফৰ পৰা৷