নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজে টিকট ক্ৰয় কৰি পুনে মেট্ৰ’ত যাত্ৰা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে পুনে মেট্ৰ’ ৰে’ল প্ৰকল্প উদ্বোধন কৰে আৰু নিজে কাউণ্টাৰৰ পৰা টিকট ক্ৰয় কৰি মেট্ৰ’ ৰে’লত ভ্ৰমণ কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে গাৰৱেৰ মেট্ৰ’ ষ্টেচনত মুঠ ৩২.২ কিলোমিটাৰ প্ৰকল্পৰ ১২ কিলোমিটাৰ পথ উদ্বোধন কৰে আৰু এই ষ্টেচনৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দূৰত অৱস্থিত আনন্দনগৰ ষ্টেচনলৈ মেট্ৰ’ ৰেলেৰে ভ্ৰমণ কৰে৷ এই ভ্ৰমণকালত তেওঁ মেট্ৰ’ কম্পাৰ্টমেণ্টত দৃষ্টিহীনলোককে ধৰি দিব্যাংগসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু গাৰৱেৰ ষ্টেচনৰ পৰা মেট্ৰ’ ৰে’লত উঠাৰ পূৰ্বে মোদীয়ে তাত স্থাপন কৰা প্ৰকল্পটোৰ এখন প্ৰদৰ্শনীও পৰিদৰ্শন কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে পুনে মেট্ৰ’ ৰে’ল প্ৰকল্প উদ্বোধন কৰি কয় যে পুনেয়ে শিক্ষা, গৱেষণা আৰু অটোমোবাইলৰ দৰে ক্ষেত্ৰতো নিৰন্তৰভাৱে নিজৰ পৰিচয় শক্তিশালী কৰি আহিছে। এনে পৰিস্থিতিত আমাৰ চৰকাৰে পুনেৰ জনসাধাৰণৰ এই প্ৰয়োজনীয়তাৰ কথা মনত ৰাখি কাম কৰি আহিছে।

উল্লেখ্য যে পুনে মেট্ৰ’ প্ৰকল্পৰ মুঠ ব্যয় হৈছে ১১,৪০০ কোটি টকা। এই প্ৰকল্পটোৰ আধাৰশিলা প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০১৬চনৰ ২৪ ডিচেম্বৰ তাৰিখে স্থাপন কৰিছিল।

You might also like