নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জে’লত ৰুটী–দাইল খাই মাটিত শুই প্রথম দিনা কটালে ৰিয়াই

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুত সাঙোৰ খোৱা ড্রাগ্ছ গোচৰত গ্রেপ্তাৰ হোৱা অভিনেতাজনৰ গার্লফ্রেণ্ড ৰিয়া চক্রৱর্তীয়ে মুম্বাইৰ ভাইকুল্লা জে’লত প্রথমদিনা দুখন শুকান ৰুটী, এবাটি ভাত, দাইল আৰু চবজি খাই মাটিত শুই কটালে৷

এনচিবিয়ে যোৱা ৮ ছেপ্টেম্বৰত ড্রাগ্ছৰ গোচৰত গ্রেপ্তাৰ কৰা ৰিয়া চক্রৱর্তীক কালি ভাইকুল্লা জে’ললৈ প্রেৰণ কৰে৷ জে’লত সাধাৰণ কক্ষত ৰখা ৰিয়া চক্রৱর্তীৰ স্বাস্থ্য চিকিৎসকে পৰীক্ষা কৰাৰ অন্তত সকলো ঠিকেঠাকে আছে বুলি প্রকাশ পাইছে৷

বিলাসী ৰেষ্টুৰেণ্ট, বিলাসী খাদ্য আৰু বিলাসী জীৱন যাপন কৰা ৰিয়া চক্রৱর্তীয়ে জে’লত অতি সাধাৰণভাৱে মাটিত শুই থাকিবলগীয়া হৈছে৷ নিজ কন্যাক হত্যাকাণ্ডৰ সৈতে জড়িত ইন্দ্রাণী মুখার্জীৰ সমীপতে থকা এটি কোঠাত ৰিয়া চক্রৱর্তীক বন্দী কৰি ৰখা হৈছে৷

উল্লেখ্য যে কালি ভাইকুল্লা জে’লত প্রৱেশ কৰাৰ সময়ত ৰিয়া চক্রৱর্তীৰ বয়বস্তু অনা বেগ বাহিৰতে ৰাখিবলৈ দিয়ে যদিও এটা পলিথিন বেগত অতি জৰুৰী সামগ্রীহে ভিতৰলৈ নিবলৈ দিছিল৷ জে’লৰ ভিতৰত শুবলৈ ঢাৰি, বিছনা চাদৰ আৰু কম্বলৰ লগতে সাধাৰণ কাপোৰ দিয়া হৈছে ৰিয়াক৷ বিছনা আৰু গাৰুও দিয়া নাই ৰিয়াক৷ গতিকে ৰিয়াই মাটিতে ১৪ দিন কটাবলগীয়া হ’ব পাৰে৷ অৱশ্যে খোৱাৰ ক্ষেত্রত বন্দীসকলে জে’লৰ কেণ্টিনৰ পৰা বিস্কুটকে ধৰি আন সামগ্রী ক্রয় কৰিব পাৰে৷ ৮ ছেপ্টেম্বৰত মুম্বাইৰ নিম্ন আদালতে জামিন নাকচ কৰাৰ পিছত কালিও সত্র আদালতত ৰিয়াৰ জামিন নামাঞ্জুৰ কৰা হয়৷

ইপিনে, ৰিয়া চক্রৱর্তীৰ অধিবক্তাই বিশেষ আদালতত ৰিয়াৰ জামিনৰ বাবে আবেদন দাখিল কৰিছে৷ কাইলৈ বিশেষ আদালতত ৰিয়াৰ জামিন আবেদনৰ লগতে সৌৱিক আৰু দুজন ড্রাগ্ছ মাফিয়াৰ জামিনৰ শুনানি গ্রহণ কৰিব৷ আদালতে জামিন মঞ্জুৰ নকৰিলে ১৪ দিন ধৰি ভাইকুল্লা জে’লতে থাকিব লাগিব ৰিয়াই৷

You might also like