নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংগালুৰুত চিচিবিৰ জালত অভিনেত্রী সঞ্জনা

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ কানাড়া ছবি জগতৰ জনপ্রিয় অভিনেত্রী সঞ্জনা গালৰাণীক ড্রাগ্ছ সৰবৰাহৰ গোচৰত গ্রেপ্তাৰ কৰিছে বাংগালুৰু আৰক্ষীৰ কেন্দ্রীয় অপৰাধ শাখা (চিচিবি)ই৷

উল্লেখনীয় যে চন্দন কাঠৰ উদ্যোগৰ সৈতে ড্রাগ্ছ সৰবৰাহত এক শক্তিশালী নেটৱর্ক চলি আহিছে কানাড়া ছবি উদ্যোগৰ কেইবাগৰাকীও অভিনেতা–ভিনেত্রীৰ জৰিয়তে৷ এতিয়ালৈকে এই গোচৰত চিচিবিয়ে ৬গৰাকী লোকক গ্রেপ্তাৰ কৰিছে৷ ইয়াৰ ভিতৰত অভিনেত্রী ৰাগিণী দ্বিবেদীও আছে৷

স্মর্তব্য যে কেইবাগৰাকীও চলিব্রিটী ড্রাগ্ছ সৰবৰাহত জড়িত থকাৰ অভিযোগ আনিছে বাংগালুৰু আৰক্ষীয়ে৷

You might also like