নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰীয়াকৰণ আৰু ঐতিহ্য সম্পদৰ সংকট

সমগ্র পৃথিৱীৰ জনবসতিৰ পৰিৱর্তিত চেহেৰাত এটা কথা সকলোতে প্রযোজ্য যে সামগ্রিকভাৱে নগৰীয়া জীৱনৰ প্রতি মানুহৰ আগ্রহ অধিক আৰু এই আগ্রহ বৃদ্ধি পাই আহিছে৷ এটা সময়ত শিক্ষা আৰু জীৱিকাৰ বাবেই মানুহ গ্রামাঞ্চলৰ পৰা নগৰলৈ গৈছিল যদিও এতিয়া এই অগ্রাধিকাৰ সলনি হৈছে৷ বৃহত্তৰ পৰিসৰলৈ গৈ তাত নিজকে চোৱাৰ যি বাসনা এতিয়াৰ মানুহৰ মাজত বাঢ়ি আহিছে, তাৰ অন্য এটা প্রতিফলন হ’ল এই নগৰ আকর্ষণ৷ এটা সময়ত অসমত গুৱাহাটীয়েই আছিল সেই লক্ষ্যস্থান, কিন্তু এতিয়া সেই ধাৰণা নাই৷ দিল্লী–বাংগালুৰু আজিকালি গুৱাহাটীৰ দৰেই হৈ পৰিছে৷ এই দৃশ্যপট সমগ্র পৃথিৱীতে একে৷ ৰাষ্ট্রসংঘৰ এটা সমীক্ষা মতে ২০৫০ চনত পৃথিৱীৰ জনসংখ্যাৰ ৬৯ শতাংশই হ’ব নগৰীয়া৷ এই দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে নগৰীয়াকৰণৰ লগে লগে হ’ব পৰা সকলো ধৰণৰ সমস্যা আৰু সংকটৰ মুখামুখি হ’ব পৰাকৈ নীতি–নিয়মৰ প্রণয়ন আগৰে পৰাই কৰিব লাগিব৷ অন্যথা দ্রুতগতিৰ নগৰীয়াকৰণৰ আঁচোৰত সমাজ আৰু সভ্যতাৰ লগত জডিত বহু সম্পদ ক’ব নোৱৰাকৈয়ে অদৃশ্য হৈ যাব৷ সমগ্র বিশ্বতেই নগৰীয়াকৰণ মূলতঃ অর্থৰ ৰাজনীতি আৰু সেই ৰাজনীতিৰ পাকচক্রত সংবেদনশীলতাৰ মৃত্যু হয়৷ প্রথমটো খুন্দাতেই ঢ়লি পৰে ঐতিহ্য স্মাৰকবোৰ, যিবোৰ অতি আধুনিক আৰু অর্থসর্বস্ব প্রশাসকৰ বাবে অকল ঠাইৰ অপব্যয়৷ কিন্তু কথা হ’ল ঐতিহ্যৰ সংৰক্ষণ আৰু ঠাইৰ আধুনিকীকৰণৰ সন্তুলন ৰক্ষা কৰাৰ দায়িত্ব পালন কৰিব কোনে?
এই কথাবোৰ অসমৰ প্রেক্ষাপটত ভবাৰ প্রয়োজন আছে৷ ঐতিহ্য সংৰক্ষণৰ কামটি দায়িত্বপূর্ণভাৱে সম্পাদন কৰাৰ উদ্দেশ্য আগত ৰাখি চৰকাৰে আইন প্রণয়নো কৰিছিল৷ কিন্তু প্রশ্ণ হয়– এই আইন পালন কৰা হৈছে নে নাই তাক চাই কোনে? গুৱাহাটীৰ শুক্রেশ্বৰ ঘাটৰ ওচৰত থকা নর্থ ব্রুক গেটখন অসমৰ এটা ঐতিহ্য সম্পদ৷ কিন্তু চৰকাৰে তাৰ প্রতিপালন কৰিছে কেনেদৰে? চৰকাৰৰ আইন মতেই এটা ঐতিহ্য স্মাৰকৰ ওচৰত কোনো ধৰণৰ নতুন নির্মাণ কৰিব নোৱাৰি৷ কিন্তু চৰকাৰে সেই কথা নামানি আন এটা বিভাগৰ দ্বাৰা তাত এটা ঘৰ নির্মাণ কৰিছে আৰু চাহ দোকানৰ ব্যৱসায় কৰি দুই পইচা উপার্জনৰ কথা ভাবিছে৷ তেনেদৰে দীঘলীপুখুৰীত চাহৰ দোকান, গুৱাহাটীৰ প্রথম ৰাজহুৱা ফাউণ্টেইনটো, যিটো এতিয়াও অর্ধভগ্ণ অৱস্থাত থিয় দি আছে তাৰ চৌপাশখিনি পৌৰ নিগমে বিজ্ঞাপন কোম্পানীক ভাৰা দি দুই পইচা ঘটিছে৷ ঐতিহ্য স্মাৰকৰ প্রতি চৰকাৰে কৰা সর্বোত্তম শ্রদ্ধাৰ স্বৰূপ প্রকাশ পাইছে শিলপুখুৰীৰ পাৰত নির্মাণ কৰা ৰাজহুৱা প্রস্রাৱ ঘৰকেইটাত৷ এই কামবোৰৰ বাবে কংগ্রেছ বা বিজেপি চৰকাৰক দোষ দি লাভ নাই৷ এনে কাম কৰে বিভাগৰ বিষয়াই, যিবোৰ চৰকাৰ নিৰপেক্ষ৷ কথা হ’ল ঐতিহ্য স্মাৰক ৰক্ষাৰ কামত থকা চৰকাৰী বিষয়াই যদি নিজৰ প্রভাৱ আৰু অজ্ঞতা প্রদর্শন কৰি আইনবিৰোধী কাম কৰে, তেনে বিষয়াবোৰৰ অপৰাধৰ বিচাৰ কোনে কৰিব? নর্থব্রুকগেটখন হ’ব পাৰিলেহেঁতেন গেটৱে অৱ ইণ্ডিয়াৰ দৰে গুৱাহাটীৰ চহৰ স্মাৰক, কিন্তু কোনো চৰকাৰী বিষয়াৰ অজ্ঞতা বা লোভৰ বলি হৈ সি লুকাই আছে জনচক্ষুৰ আঁৰত৷ অকল ঐতিহ্য স্মাৰকেই নহয়, চহৰৰ সৌন্দর্য বৃদ্ধি আৰু সামাজিক–সাংস্কৃতিক চেতনাৰ প্রকাশ হিচাপে কিছুমান নতুন স্মাৰকৰ নির্মাণো কৰা হয়, যিবোৰৰ প্রতিও চৰকাৰী বিষয়াৰ মনোভাব সন্দেহৰ অতীত নহয়৷ গুৱাহাটীৰ টি চি স্কুলৰ ওচৰৰ ৰ’টাৰীটোত লক্ষ্মীনাথ বেজবৰুৱাৰ মূর্তি স্থাপন কৰাটো সাংস্কৃতিক মনৰ পৰিচায়ক৷ সেই ঠাইখিনি এটা সন্মানীয় ঠাইলৈ ৰূপান্তৰিত হ’ব লাগিছিল, কিন্তু বাস্তৱত সেই ঠাইখিনি বিজ্ঞাপনদাতাৰ বাবেহে লোভনীয় ঠাই কৰি তোলা হ’ল৷ সন্দেহ নাই, বিজ্ঞাপনৰ বাবে ঠাই বিক্রী কৰি চৰকাৰে বহু টকা ৰাজহ উপার্জন কৰিব পাৰে৷ কিন্তু চৰকাৰৰ কাম কেৱল ধন উপার্জনেইনে? ঐতিহ্য ৰক্ষাৰ দায়িত্ব বহন কৰা চৰকাৰে কেইজনমান মইমতীয়া বা অজ্ঞ বিষয়াক দায়িত্ব দি নগৰ নির্মাণৰ নামত সম্পদবোৰ ক্রমাগতভাৱে ধ্বংস কৰি যোৱাৰ মানসিকতাৰ পৰা ওলাই আহিবৰ হ’ল৷

You might also like