নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছীল হ’ব ক’ৰোনা ভাইৰাছত আক্রান্ত অঞ্চল

মহামাৰী ৰোগ আইনৰ অধীনত নলবাৰী উপায়ুক্তই জাৰি কৰিলে নির্দেশনা

নিয়মীয়া বার্তা, ২১ মার্চঃ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ নির্দেশমর্মে মহামাৰী ৰোগ আইন, ১৮৯৭ৰ অধীনত আৰু অসম ক’ভিড–১৯ অধিনিয়মৰ বিধি অনুযায়ী নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে জৰুৰীভাৱে প্রযোজ্য হোৱাকৈ কেতবোৰ গুৰুত্বপূর্ণ নিষেধাজ্ঞা জাৰি কৰিছে ৷ সেইমর্মে স্বাস্থ্য বিভাগ বা জিলা উপায়ুক্তৰ বিনা অনুমতিত আৰু সত্যতা নিৰূপণ নকৰাকৈ ক’ভিড–১৯ সম্বন্ধে কোনো ধৰণৰ তথ্য প্রচাৰ চলোৱাৰ পৰা বিৰত থাকিবলৈ ব্যক্তি, অনুষ্ঠান–প্রতিষ্ঠানক্ সতর্ক কৰি দিছে ৷ এই নির্দেশ ভংগ কৰিলে আইনমতে দণ্ডনীয় হ’ব বুলিও উপায়ুক্তগৰাকীয়ে নির্দেশ জাৰি কৰিছে ৷ কোনো এলেকাত ক’ভিড–১৯ আক্রান্ত ৰোগীৰ তথ্য পালে সেই এলেকা সম্পূর্ণৰূপে ছীল কৰি দিয়া হ’ব বুলিও উপায়ুক্তগৰাকীয়ে জনায় ৷

এই আইনৰ বিধি অনুযায়ী জিলাখনৰ সকলো বিভাগৰ বিষয়া আৰু কর্মচাৰী জিলা দণ্ডাধীশৰ অধীনত থাকি দায়িত্ব পালন কৰিবলৈ বাধ্য থাকিব ৷ এই বিধি ভংগ হোৱা কোনো কার্যত জড়িত হ’লে সেই ব্যক্তি, বিষয়া–কর্মচাৰী, অনুষ্ঠান–প্রতিষ্ঠানৰ্ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ নং ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ৷ লগতে ক’ৰোনা সংক্রমণৰ পৰা সুৰক্ষিত থাকিবলৈ উপায়ুক্তগৰাকীয়ে অত্যন্ত জৰুৰী নহ’লে ঘৰৰ বাহিৰলৈ নোলাবলৈ আহ্বান জনাইছে জনগণক ৷

আনহাতে, বিশ্বত্রাস ক’ৰোনা ভাইৰাছ নলবাৰী জিলাতো সংক্রমিত হোৱাৰ আশংকা কৰি তথা বিশ্ব স্বাস্থ্য সংস্থা আৰু স্বাস্থ্য বিভাগৰ পৰামর্শ অনুসৰি সতর্কতামূলক ব্যৱস্থা হিচাপে নলবাৰীৰ জিলা দণ্ডাধীশ ভাৰত ভূষণ দেৱচৌধুৰীয়ে সমগ্র নলবাৰী জিলাতে তৎকালীনভাৱে বলৱৎ হোৱাকৈ ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ নং ধাৰা জাৰি কৰিছে ৷ এই ধাৰাৰ অধীনত নলবাৰী জিলাত অনাৱশ্যকীয়ভাৱে সমীপৱর্তী বজাৰ, বিত্তীয় প্রতিষ্ঠান, বেংক, পার্ক আদিত পাঁচজন বা ততোধিক লোক সমাগম হোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ তদুপৰি জিলাখনত সভা, সমদল, শোভাযাত্রা, সমাৱেশ আদি অনুষ্ঠিত কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব বুলিও কোৱা হৈছে উক্ত নির্দেশনাত ৷

You might also like