নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিত শ্বাহক দাখিল কৰিব ৬নং দফা কমিটীৰ প্রতিবেদন

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ নিৰ্ধাৰিত হৈছে অসমীয়াৰ সংজ্ঞা । সাজু হৈছে প্ৰতিবেদনো । তথাপি নিৰ্ধাৰিত সময়ৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে অসম চুক্তিৰ ৬ নং দফা কমিটীয়ে । উল্লেখ্য যে ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত কমিটীয়ে প্রতিবেদন দাখিল কৰাৰ কথা আছিল৷

বৃহস্পতিবাৰে নতুন দিল্লীত সাংবাদিকৰ আগত কমিটীৰ অধ্যক্ষ তথা অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাই এই কথা জানিবলৈ দিয়ে৷ শর্মাই প্রকাশ কৰা মতে, কমিটীয়ে কেতিয়া প্রতিবেদন দাখিল কৰিব, সেয়া কেন্দ্রীয় চৰকাৰেই নির্ধাৰণ কৰিব৷ পিছে কমিটীয়ে যে ইতিমধ্যে প্রতিবেদন প্রস্তুত কৰিছে, সেই কথা কমিটীৰ তৰফৰ পৰা কেন্দ্রক অৱগত কৰোৱা হৈছে৷ আনকি কমিটীৰ অন্যতম সদস্য হিচাপে উত্তৰ–পূর্বাঞ্চলৰ দায়িত্বত থকা কেন্দ্রীয় গৃহ বিভাগৰ যুটীয়া সচিব সত্যেন্দ্র গার্গৰ সৈতেও শর্মা আলোচনাত মিলিত হয়৷ গার্গে তেওঁক প্রস্তাৱ দিয়ে যে কমিটীৰ সকলো সদস্যই সন্মিলিতভাৱে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ ওচৰত প্রতিবেদন দাখিল কৰক৷ শীঘ্রে এইক্ষেত্রত দিন নির্ধাৰণ কৰা হ’ব বুলি শর্মাই সাংবাদিকক জানিবলৈ দিয়ে৷

লক্ষণীয়ভাৱে প্রতিবেদনৰ বিষয়বস্তু সন্দর্ভত প্রাক্তন ন্যায়াধীশজনে সাংবাদিকৰ আগত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকে৷ অসমীয়াৰ সংজ্ঞা নির্ধাৰণৰ বিষয়টোত তেওঁ কয় যে সংজ্ঞা ইতিমধ্যে নির্ধাৰণ কৰা হৈছে৷ পিছে কি এই সংজ্ঞা তথা প্রতিবেদনৰ বিষয়বস্তু, তাৰ বাবে তেওঁ সাংবাদিকসকলক কিছু সময় অপেক্ষা কৰিবলৈ আহ্বান জনায়৷ প্রতিবেদন দাখিল কৰাৰ পাছত সকলোৱেই সকলো বিষয় জানিব পাৰিব৷ মন কৰিবলগীয়া যে শর্মাই প্রকাশ কৰা মতে, তেওঁ ব্যক্তিগত কামতহে দিল্লীলৈ আহিছে৷

You might also like