নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ বাবে ৫০ হাজাৰ কোটি টকাৰ প্রকল্প ঘোষণা কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰিৰ

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰ: ৰাজ্যবাসীলৈ সুখবৰ৷ উত্তৰ–পূবৰ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে বিশেষ পৰিকল্পনা প্রস্তুত কৰা কেন্দ্রীয় চৰকাৰে অসমৰ বাবে ব্যয় কৰিব ৫০ হাজাৰ কোটি টকা৷ উত্তৰ–পূবৰ ৰাষ্ট্রীয় ঘাইপথ প্রকল্পসমূহৰ পর্যালোচনা কৰাৰ উদ্দেশ্যে আজি গুৱাহাটীত উপস্থিত হোৱা কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰিয়ে অসমৰ বাবে এই বিশাল ধনৰাশিৰ কথা ঘোষণা কৰি অহা দুবছৰত অসমৰ পথৰ মান আন্তঃৰাষ্ট্রীয় পর্যায়ৰ হ’ব বুলি সদৰী কৰে৷ কেন্দ্রীয় মন্ত্রী গাডকাৰিয়ে কয় যে ২০২৪ চনৰ ভিতৰত অসমৰ আন্তঃগাঁথনি আন্তঃৰাষ্ট্রীয় পর্যায়লৈ উন্নীত হোৱাই নহয়, এই আন্তঃগাঁথনিয়ে ফেৰ মাৰিব আমেৰিকা যুক্তৰাষ্ট্রকো৷ গুৱাহাটীৰ ৰেডিছন ব্লুত আয়োজিত পর্যালোচনা বৈঠকৰ প্রথম দিনাৰ অন্তত আয়োজিত এখন সংবাদ মেলত অতি সোনকালে অসমৰ মানচিত্র সলনি হ’ব বুলি মন্তব্য কৰি ইতিমধ্যে ২৫টা প্রকল্পত অনুমোদন চূড়ান্ত হোৱাৰ কথা তেওঁ সদৰী কৰে৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে পুনৰ কয় যে এই প্রকল্পসমূহৰ ডিপিআৰ প্রস্তুতৰ লগতে পুঁজি আবণ্টনো সম্পূর্ণ হৈছে৷ প্রকল্পসমূহৰ দ্বাৰা প্রায় ৭০০ কিলোমিটাৰ পথ নির্মাণ সম্পূর্ণ কৰা হ’ব৷ ২৫টা প্রকল্পৰ ২০টা প্রকল্পৰ বাবে ব্যয় হ’ব ১৪ হাজাৰ কোটি টকা৷ আনহাতে, গুৱাহাটীৰ ৰিং ৰোডৰ বাবে ব্যয় হ’ব ৪,৫০০ কোটি টকা৷

কেন্দ্রীয় মন্ত্রীগৰাকীয়ে সংবাদ মেলত ঘোষণা কৰা অনুসৰি ‘পর্বতমালা’ আঁচনিৰ অধীনত অসমৰ পাঁচটা ৰোপ ৱে’ৰ বাবে ২১০০ কোটি টকাৰ আবণ্টন দিয়া হৈছে৷ একেদৰে কাজিৰঙাৰ ৩৮ কিলোমিটাৰ এলিভিটৰ কৰিড’ৰৰ বাবে ডিপিআৰ প্রস্তুত হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে৷ তদুপৰি ১০খন নতুন ফ্লাই অ’ভাৰ নির্মাণৰ বাবে ব্যয় কৰা হ’ব ৪৮০ কোটি টকা৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে মাজুলীলৈ নির্মাণ হৈ থকা দলঙৰ কাম–কাজ লেহেমীয়া তথা বিসংগতি কৰাৰ বাবে নির্মাণৰ দায়িত্বত থকা ইউ পি ষ্টেট ব্রিজ কোম্পানীক কাম এৰাৰো নির্দেশ দিয়ে৷ তদুপৰি ৫৫০ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীৰ পৰা যোৰাবাটলৈ ছয় লেনযুক্ত ৰাষ্ট্রীয় ঘাইপথৰ নির্মাণৰ কাম চলিব৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কৰা এই ঘোষণাৰ পিছতে পর্যালোচনা বৈঠকত উপস্থিত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সমগ্র প্রকল্পৰ বাবে কেন্দ্রীয় মন্ত্রীগৰাকীক ধন্যবাদ জ্ঞাপন কৰি কয় যে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রালয়ৰ মুখ্যতঃ তিনিটা প্রকল্পৰ বাবে পুঁজি আবণ্টন তথা ডিপিআৰ প্রস্তুত কৰাৰ বাবে অহা সময়ছোৱাত অসমৰ মানচিত্র যথেষ্ট সলনি হ’ব৷

বিশেষকৈ ৰিং ৰোড প্রকল্পৰ জৰিয়তে গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলি–ডুমনীচকী–ক্ হৈ যোৰাবাটৰ পৰা খানাপাৰালৈ এই পথছোৱা নির্মাণ হ’ব৷ এই ৰিং ৰোডৰ প্রকল্পত সংযোগ হৈ থাকিব কুৰুৱা–নাৰেংগী ব্রহ্মপুত্রৰ ওপৰত হ’ব লগা দলংখনো৷ এই দলংখনৰ বাবে অহা ৪–৫ মাহৰ ভিতৰত কেন্দ্রীয় মন্ত্রী গাডকাৰিয়ে আধাৰশিলা স্থাপন কৰিব৷ ইতিমধ্যে দলংখনৰ ডিপিআৰ প্রস্তুত হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই ইয়াকো উল্লেখ কৰে যে কেন্দ্রীয় মন্ত্রী গাডকাৰিয়ে আজি ঘোষণা কৰা প্রকল্পসমূহৰ ভিতৰত দ্বিতীয় অন্যতম হৈছে ৩৮ কিলোমিটাৰৰ কাজিৰঙাৰ ওপৰত হ’ব লগা এলিভেটেড কৰিড’ৰ৷ আনহাতে, আন এক ঘোষণা অনুসৰি মাজুলীৰ ওপৰত হ’ব লগা দলংখনৰ সমগ্র পথছোৱা ৰাষ্ট্রীয় ঘাইপথ হিচাপে নির্মাণ কৰা হ’ব৷

ইফালে, খানাপাৰাৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ এটা ৰোপ ৱে’ নির্মাণৰ বাবে কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি সম্পন্ন হয়৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ঘোষণা কৰা আন পাঁচটা ৰোপ ৱে’ৰ ক্ষেত্রতো আজি বুজাবুজিৰ চুক্তি সম্পন্ন কৰা হয়৷ তদুপৰি নতুনকৈ ১০খন উৰণীয়া সেতু নির্মাণৰ বাবেও পথ পৰিবহণ মন্ত্রালয়ে অনুমতি প্রদান কৰাৰ কথা মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে৷ বাইহাটা চাৰিআলি, ৰহা আদি কৰি ৰাষ্ট্রীয় ঘাইপথৰ কেইবাটাও ঠাইত এই ১০খন উৰণীয়া সেতু নির্মাণ হ’ব৷

উল্লেখ্য যে এই পর্যালোচনা বৈঠকতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গহপুৰ–নুমলীগড় সংযোগ কৰি পূর্বে পৰিকল্পনা কৰা সুৰংগ নির্মাণৰ বিষয়টো কেন্দ্রীয় মন্ত্রী গাডকাৰিৰ ওচৰত উত্থাপন কৰে৷ এই সন্দর্ভত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে যে গহপুৰ–নুমলীগড় সংযোগ কৰি সুৰংগ বনাবলৈ প্রায় ১২ হাজাৰ কোটি টকা ব্যয় হ’ব৷ আনহাতে দলং নির্মাণৰ বাবে ৮ হাজাৰ কোটি টকা ব্যয় হ’ব৷ গতিকে সমগ্র বিষয়টো পৰীক্ষা কৰি অহা এমাহৰ ভিতৰতে দলং নির্মাণ হ’ব নে সুৰংগ নির্মাণ হ’ব এই বিষয়টো ৰাজ্য চৰকাৰক অৱগত কৰা হ’ব৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কামাখ্যা দর্শনৰ পিছতেই গুৱাহাটীৰ পাহাৰসমূহলৈ যাব পৰাকৈ নতুন প্রযুক্তিৰে বাছ চলাবলৈ ৰাজ্য চৰকাৰক পৰামর্শ দিয়ে৷ এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মায়ো বিষয়টো গ্রহণ কৰি এই দিশত সমীক্ষা চলোৱা হ’ব বুলি কেন্দ্রীয় মন্ত্রীগৰাকীক অৱগত কৰে৷

You might also like