নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীৰ তেতেলিয়াত দুর্বৃত্তৰ দৌৰাত্ম্য: যুৱতীক পিষ্টল দেখুৱাই কাঢ়ি নিলে সোণৰ চেইন

নাগৰিকক সুৰক্ষা দিয়াত ব্যর্থ মহানগৰ আৰক্ষী

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰ: আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা৷ মহানগৰ আৰক্ষীৰ দুর্বলতাৰ সুযোগ গ্রহণ কৰি অপৰাধীৰ দলটোৱে মহানগৰীৰ ভিন্ন প্রান্তত পিষ্টল দেখুৱাই মহিলা–যুৱতীৰ চেইন কাঢ়ি নিয়া ঘটনা সংঘটিত কৰি আহিছে৷ বিগত এটা সপ্তাহত দিন–দুপৰতে চিলনী চোৰে পিষ্টল দেখুৱাই মহিলাৰ ডিঙিৰ চেইন আৰু সোণৰ আ–অলংকাৰ কাঢ়ি নিয়া তিনিটাকৈ ঘটনাক লৈ এতিয়া নিৰাপত্তাহীনতাত ভুগিছে মহানগৰবাসী৷ ৪ আৰু ৭ নৱেম্বৰত হেঙেৰাবাৰী আৰু আমবাৰীৰ পৰা সোণৰ চেইন কাঢ়ি নিয়াৰ পাছত পুনৰ জালুকবাৰীৰ তেতেলিয়াত এগৰাকী যুৱতীক পিষ্টল দেখুৱাই সোণৰ চেইন কাঢ়ি নিয়ে বাইকত অহা দুই দুর্বৃত্তই৷ তেতেলিয়াত বাছত উঠিবলৈ ৰৈ থকাৰ সময়তে মনলী দেৱী নামৰ যুৱতীগৰাকীক পিষ্টল দেখুৱাই সোণৰ চেইন কাঢ়ি নিয়ে দুটা দুর্বৃত্তই৷ ইয়াৰ পাছতে যুৱতীগৰাকীয়ে ঘটনা সন্দর্ভত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷ ভুক্তভোগী যুৱতীগৰাকী আর্য নার্ছিং কলেজৰ প্রবক্তা হিচাপে কর্মৰত৷ আজি কলেজলৈ যাবলৈ অহাৰ সময়তে এই ঘটনাটো সংঘটিত হয়৷

উল্লেখ্য যে যোৱা ৪ নৱেম্বৰত হেঙেৰাবাৰীৰ উপায়ুক্তৰ কার্যালয়ৰ সন্মুখত ৰীতা কলিতা নামৰ শিক্ষয়িত্রীগৰাকীক পিষ্টল দেখুৱাই সোণৰ চেইন কাঢ়ি নিছিল দুর্বৃত্তই৷ ইয়াৰ পাছত ৭ নৱেম্বৰত আমবাৰীৰ যোৰপুখুৰীৰ সমীপত প্রীতি শর্মা নামৰ মহিলাগৰাকীয়ে প্রাতঃভ্রমণ কৰি থকাৰ সময়তে বাইকত অহা দুই দুবৃত্তই পিষ্টল দেখুৱাই সোণৰ চেইন কাঢ়ি নিছিল৷ এটা সপ্তাহৰ ভিতৰতে পিষ্টল দেখুৱাই দুর্বৃত্তই মহিলা–যুৱতীৰ পৰা সোণৰ চেইন কাঢ়ি নিয়া তিনিটাকৈ ঘটনা সংঘটিত হোৱাৰ পাছতো অপৰাধীৰ কোনো সন্ধান উলিয়াব পৰা নাই মহানগৰ আৰক্ষীয়ে৷

You might also like