নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ছিকিউৰিটী এজেন্সীৰ লুণ্ঠনৰাজ; নীতি–নির্দেশনা উলংঘাৰে ১২ ঘণ্টাকৈ কামত নিয়োজিত

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰ: কর্মচাৰীৰ প্রাপ্য অধিকাৰ উলংঘা কৰি ৰাজ্যত ছিকিউৰিটী এজেন্সীসমূহে দুর্ভগীয়া নিবনুৱাক মাধমাৰ শোধাই আহিছে৷ এজেন্সীসমূহে নিযুক্তিৰ পিছত কর্মীক প্রদান কৰিবলগীয়া ভৱিষ্যনিধি (পিএফ), ইএছআইচিৰ সুবিধা এতিয়া শ্রম বিভাগৰ নির্লিপ্ততাৰ বাবে কর্মীসকলে লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে৷ গুৱাহাটীৰ বিভিন্ন ছিকিউৰিটী এজেন্সীৰ বিৰুদ্ধে এই ভয়াৱহ অভিযোগ উত্থাপিত হৈছে৷ গুৱাহাটীস্থিত ওম ছিকিউৰিটী, পিকে খাটোৱাল ছিকিউৰিটী এজেন্সী, এক্স ছিকিউৰিটী ছার্ভিচ, কর্ণাটকা ছিকিউৰিটী ছার্ভিচ, ই এছ এছ ছিকিউৰিটী ছার্ভিচ, ডি এম ছিকিউৰিটী চলিউচন, আছাম টাইগাৰ ছিকিউৰিটী ছার্ভিচ, ৰকছ ছিকিউৰিটী ছার্ভিচ, গ্রুপ–৫ প্লেচমেণ্ট ছিকিউৰিটী ছার্ভিচ, সমন্বয় ছিকিউৰিটী ছার্ভিচ, ইণ্ডিয়ান ছিকিউৰিটী ছার্ভিচ, ছান ছিকিউৰিটী ছার্ভিচ, গজৰাজ ছিকিউৰিটী ছার্ভিচকে ধৰি বিভিন্ন ছিকিউৰিটী এজেন্সীৰ বিৰুদ্ধে কর্মচাৰীক প্রাপ্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷

অভিযোগ অনুসৰি এই ছিকিউৰিটী এজেন্সীসমূহে শ্রম বিভাগৰ নীতি–নির্দেশনা উলংঘাৰে কর্মচাৰীসকলক দা–দৰমহা নিদি প্রাপ্যৰ পৰা বঞ্চিত কৰিছে৷ তদুপৰি কর্মচাৰীসকলক নূ্যনতম দৰমহা আদায় দি ৮ ঘণ্টাৰ পৰিৱর্তে ১২ ঘণ্টাকৈ কামত খটুৱাইছে৷ গুৱাহাটীৰ ছিকিউৰিটী এজেন্সীসমূহে নিবনুৱা যুৱক–যুৱতীসকলক্ নূ্যনতম দৰমহা আদায় দি ভৱিষ্যনিধি আৰু ই এছ আই চিৰ সা–সুবিধাৰ পৰাও বঞ্চিত কৰি আহিছে৷

উল্লেখ্য যে দেশৰ আগশাৰীৰ মহানগৰ আৰু চহৰসমূহত এতিয়া ছিকিউৰিটী এজেন্সী এক লাভজনক ব্যৱসায়ত পৰিণত হৈছে৷ নিবনুৱা যুৱক–যুৱতীসকলক্ কর্মসংস্থাপন দিয়াৰ নামত নূ্যনতম দা–দৰমহা দি শ্রম বিভাগৰ নীতি–নির্দেশনা উলংঘাৰে এজেন্সীৰ মালিকে প্রতিমাহে লাখ লাখ টকা মুনাফা লুটিছে৷ কৰ ফাঁকিৰে ছিকিউৰিটী এজেন্সীসমূহে নিবনুৱা যুৱক–যুৱতীসকলক্ মাধমাৰ সোধাই লুণ্ঠন চলাই অহাৰ পাছতো শ্রম বিভাগে এইক্ষেত্রত ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে৷ লক্ষণীয় যে গুৱাহাটীৰ ছিকিউৰিটী এজেন্সীসমূহে বিভিন্ন কোম্পানীৰ কার্যালয়, শ্বপিং মল, এপার্টমেণ্টসমূহকে ধৰি বিভিন্ন স্থানত ছিকিউৰিটী নিয়োগ কৰি আহিছে৷

বিশেষকৈ এপার্টমেণ্টসমূহত নিয়োজিত ছিকিউৰিটী এজেন্সীৰ কর্মচাৰীসকলক পি এফ, ইএছআইচিৰ পৰা বঞ্চিত কৰাৰ তথ্য পোহৰলৈ আহিছে৷ শ্রম বিভাগৰ নির্লিপ্ততাৰ সুযোগ লৈ গুৱাহাটীৰ ছিকিউৰিটী এজেন্সীসমূহে কর্মচাৰীসকলক প্রাপ্যৰ পৰা বঞ্চিত কৰিছে৷ শ্রম বিভাগৰ নীতি–নির্দেশনা উলংঘাৰে ছিকিউৰিটী এজেন্সীৰ ব্যৱসায় চলোৱা এজেন্সীসমূহৰ বিৰুদ্ধে চৰকাৰ তথা শ্রম বিভাগে কি পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like