নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশুপালন আৰু পশু চিকিৎসা বিভাগৰ শোচনীয় ছবিঃ খালী হৈ আছে পশু চিকিৎসকৰ ১৬২টা পদ

  • ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা খণ্ডৰ শোচনীয় ছবি
  • গোসাইগাঁও মহকুমাত এজন পশু চিকিৎসকে চম্ভালিছে ১১ খন চিকিৎসালয়
  • ২০২০ চনৰ পৰা নিযুক্ত দিয়া নাই স্থায়ী সঞ্চালক

 

নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ  চলিত বর্ষতে দুটাকৈ প্রলয়ংকৰী বানপানীয়ে ৰাজ্যত বিভীষিকাৰ সৃষ্টি কৰিছে৷ বিশেষকৈ দুয়োটা বানত ব্যাপকভাৱে ক্ষতিগ্রস্ত হৈছে গ্রামাঞ্চলৰ কৃষক সমাজ৷ কৃষকসকলৰ লগতে বাঢ়নী পানীত সবাতোকৈ ক্ষতিগ্রস্ত হৈছে পশুপালকসকল৷ বানপানীৰ পাছত ৰাজ্যত পশুধনৰ মাজত কেতবোৰ ৰোগে সংহাৰী ৰূপ ধাৰণ কৰাত চিন্তিত হৈ পৰিছে পশুপালকসকল৷ বিশেষকৈ আফ্রিকান ছোৱাইন ফিভাৰে ৰাজ্যৰ আটাইকেইখন জিলাত গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ ইয়াৰ মাজতে উন্মোচিত হৈছে ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা খণ্ডৰ শোচনীয় ছবি৷ গাঁৱে–ভূঞে পশুপালকসকলক সকাহ দিবলৈ ৰাজ্যত নাই পর্যাপ্ত পশু চিকিৎসক৷

বিভিন্ন বিভাগত নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰাৰ সময়তে পশু চিকিৎসককে ধৰি বিভিন্ন পদ এতিয়াও পশু চিকিৎসা বিভাগত খালী হৈ আছে৷ এক সূত্রই সদৰী কৰা অনুসৰি ৰাজ্যত বর্তমান খালী হৈ থকা পশু চিকিৎসকৰ পদৰ সংখ্যা হৈছে ১৬২৷ ইয়াৰ বিপৰীতে পশু চিকিৎসকৰ সংখ্যা হৈছে ৭১৩৷ দীর্ঘদিন ধৰি এই পশু চিকিৎসকৰ পদসমূহ খালী হৈ থকাৰ ফলত গ্রামাঞ্চলসমূহত পশু চিকিৎসাৰ ক্ষেত্রত ব্যাপক সমস্যাৰ সৃষ্টি হৈ আহিছে৷ কেৱল পশু চিকিৎসকে নহয়, আন বিভিন্ন পদ বিভাগটোত বর্তমান খালী হৈ আছে৷ বিশেষকৈ এখন জিলাত সামগ্রিক ব্যৱস্থাপনা নিৰীক্ষণৰ দায়িত্ব থকা স্থায়ী জিলা পশুপালন বিষয়াৰ সংখ্যা একেবাৰেই কম৷ সম্প্রতি সমগ্র ৰাজ্যত স্থায়ী জিলা পশুপালন বিষয়াৰ সংখ্যা হৈছে মাত্র চাৰিজন৷

ইয়াৰ বিপৰীতে জিলা পশুপালন বিষয়াৰ আবণ্টিত পদৰ সংখ্যা হৈছে ৫৬টা৷ সেইদৰে ৰাজ্যত নাই পর্যাপ্ত মহকুমা পর্যায়ৰ বিষয়াও৷ প্রাপ্ত তথ্য অনুসৰি ১৭৭টা পদৰ বিপৰীতে ১৯টা মহকুমা পর্যায়ৰ বিষয়াৰ পদ খালী হৈ আছে৷ তদুপৰি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহকাৰী সঞ্চালকৰ মুঠ ৫২টা পদৰ ভিতৰত ১০টাই খালী হৈ আছে৷ যুটীয়া সঞ্চালকৰ পদৰ সংখ্যা ১০টা যদিও সম্প্রতি ছয়টা পদতহে নিযুক্তি প্রদান কৰা হৈছে৷ অর্থাৎ এতিয়াও চাৰিটা পদ খালী হৈ আছে৷ অতিৰিক্ত সঞ্চালকৰ পাঁচটা পদৰ ভিতৰত তিনিটাই খালী হৈ আছে৷ আশ্চর্যজনকভাৱে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালকৰ পদত স্থায়ী নিযুক্তি বর্তমানলৈ প্রদান কৰা হোৱা নাই৷

২০২০ চনৰ মে’ মাহৰ পৰা ভাৰপ্রাপ্ত সঞ্চালকেহে বিভাগটো চলাই আহিছে৷ স্থায়ী সঞ্চালক পুলিন দাসে অৱসৰ লোৱাৰ পাছত পশু চিকিৎসা বিভাগৰ সচিব ইন্দিৰা কলিতাকে ভাৰপ্রাপ্ত সঞ্চালকৰ দায়িত্বও প্রদান কৰা হৈছে৷ সম্প্রতি ভাৰপ্রাপ্ত সঞ্চালকেই বিয়াগোম এই বিভাগটো চলাই আহিছে৷ লক্ষণীয়ভাৱে বিভাগটোৰ তৃণমূল পর্যায়ত কাম কৰা ক্ষেত্র সহায়কৰ বহুসংখ্যক পদ দীর্ঘদিন ধৰি পূৰণ কৰা হোৱা নাই৷ জানিব পৰা মতে, ৰাজ্যত ক্ষেত্র সহায়ক পদৰ সংখ্যা হৈছে ২,৫০৬টা৷ ইয়াৰ বিপৰীতে খালী হৈ আছে ৪৫০টা পদ৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে এই ক্ষেত্র সহায়কসকলে গ্রামাঞ্চলসমূহত গৈ লোকসকলৰ মাজত পোহনীয়া জীৱ–জন্তুৰ ৰোগ সন্দর্ভত সজাগতা সৃষ্টিৰ পৰা আৰম্ভ কৰি পশু চিকিৎসা কেন্দ্রলৈ আনি ভেকচিন দিয়ালৈকে সমগ্র দায়িত্ব বহন কৰি আহিছে৷

প্রকৃতার্থত গ্রামাঞ্চলত বাস কৰা লোকসকলক পশু ধনৰ ৰোগৰ লগতে প্রতিকাৰক ব্যৱস্থা সন্দর্ভতো ক্ষেত্র সহায়কসকলে সজাগ–সচেতন কৰি আহিছে৷ কিন্তু এই পদসমূহ এতিয়াও খালী হৈ থকাৰ ফলত পোহনীয়া জীৱ–জন্তুৰ ৰোগৰ বিষয়ে তথা প্রতিকাৰৰ ব্যৱস্থা সন্দর্ভত বহু লোক অজ্ঞাতে থাকিবলগীয়া হৈছে৷ ফলত ৰোগাক্রান্ত হৈ পশুধনৰ মৃত্যু ঘটাৰ তথ্যও পোহলৈ আহিছে৷ বিশেষকৈ প্রতিবছৰে বানপানীৰ পাছত পশুধনৰ মাজত বিভিন্ন ৰোগৰ প্রাদুর্ভাৱ দেখা যায়৷ আফ্রিকান ছোৱাইন ফিভাৰৰ উপৰি চবকা আদি ৰোগৰ প্রাদুর্ভাৱ ৰাজ্যৰ পশুধনৰ মাজত অত্যন্ত বেছি পৰিলক্ষিত হয়৷ যাৰ বাবে সময়ত পশুধনক ভেকচিন প্রদান কৰাটো অত্যন্ত জৰুৰী৷ গ্রামাঞ্চলসমূহত পশুধনৰ ভেকচিন প্রদানৰ বাবে শিবিৰৰ আয়োজন কৰাকে ধৰি যাৱতীয় ব্যৱস্থাৱলী গ্রহণৰ ক্ষেত্রত ক্ষেত্র সহায়কসকলৰ লগতে জিলা পশু পালন বিষয়াসকলৰ যথেষ্ট দায়িত্ব থাকে৷ কিন্তু দীর্ঘদিন ধৰি এই পদসমূহ খালী হৈ থকাৰ ফলত সময় মতে ভেকচিন প্রদান কৰিব নোৱাৰাত অকালতে পশুধনৰ মৃত্যু ঘটি আহিছে৷ এক কথাত ক’বলৈ গ’লে গ্রাম্য অর্থনীতি সবলীকৰণৰ লগতে স্বনিয়োজনৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা পশুপালন খণ্ডৰ বিকাশৰ বাবে ব্যৱস্থা গ্রহণত একপ্রকাৰ ব্যর্থ হৈছে মন্ত্রী অতুল বৰাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ৷

ব্যাপক পদ খালীৰে ধোবাংবাং বিভাগটোৱে ভৱিষ্যতে ৰাজ্যৰ পশুপালকসকলক সকাহ দিবলৈ কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷ উল্লেখ্য যে ৰাজ্যৰ প্রায়কেইখন জিলাতে শেহতীয়াকৈ আফ্রিকান ছোৱাইন ফিভাৰে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পাছত চৰকাৰীভাৱে বৃহৎসংখ্যক গাহৰি নিধন কৰা হৈছে৷ সম্প্রতি ৰাজ্যত থকা পশু চিকিৎসালয়ৰ সংখ্যা ৪৪৮খন৷ ২০১৬ চনৰ পাছত এই চিকিৎসালয়সমূহৰ মেৰামতিৰ কাম আৰম্ভ কৰা হৈছে যদিও এতিয়াও ডেৰ শতাধিক চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নীতকৰণ হোৱা নাই৷

You might also like