নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা বিধানসভাৰ অধিৱেশনঃ সদন উত্তাল কৰাৰ ৰণকৌশল এআইইউডিএফ–কংগ্রেছৰ

  •  মূল্যবৃদ্ধি–শিক্ষানুষ্ঠান একত্রীকৰণ আদি ইছ্যুক লৈ সদন উত্তাল কৰাৰ ৰণকৌশল এআইইউডিএফ–কংগ্রেছৰ
  • সদনত বিৰোধীক ৰুধিবলৈ সমানে তৎপৰ শাসকপক্ষ
  • ইউ পি এৰ দিনৰ মূল্যবৃদ্ধিৰ বুৰঞ্জী ক’লে বিৰোধী পলাব– পীয়ূষ হাজৰিকা

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰ: আজিৰে পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ অধিৱেশন৷ পাঁচদিনীয়া কার্যসূচীৰে চলিবলগীয়া এই অধিৱেশনত বিৰোধী দল এ আই ইউ ডি এফ আৰু কংগ্রেছে মূল্যবৃদ্ধি, শিক্ষানুষ্ঠান একত্রীকৰণকে ধৰি বিভিন্ন ইছ্যুক লৈ সদন উত্তাল কৰাৰ ৰণকৌশল যুগুতাইছে৷ এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলামে কয় যে আকাশলংঘী মূল্যবৃদ্ধি, নিশাটোৰ ভিতৰতে বিদ্যালয় একত্রীকৰণ আদিকে ধৰি বহুকেইটা জ্বলন্ত সমস্যা আছে৷ এই বিষয়সমূহ বিধানসভাৰ অধিৱেশনৰ দিনকেইটাত তেওঁলোকে উত্থাপন কৰিব৷ সেইদৰে কংগ্রেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই আকাশলংঘী মূল্যবৃদ্ধি, নামৰূপ সাৰ কাৰখানা বিক্রীৰ যো–জা, নগাঁও আৰু কাছাৰ কাগজ কল ইতিমধ্যে বন্ধ হোৱা আদি বিষয়সমূহ তেওঁলোকে সদনত উত্থাপন কৰিব৷

ইয়াৰ উপৰি জেহাদী, মাদ্রাছা উচ্ছেদ, নিবনুৱাৰ নিযুক্তি আদি বিষয়সমূহক লৈও সদন উত্তাল কৰাৰ ৰণনীতি যুগুতাইছে বিৰোধী দল এ আই ইউ ডি এফ আৰু কংগ্রেছে৷ বিৰোধীৰ এনে তৎপৰতাৰ বিপৰীতে শাসক দল বিজেপিয়ে সদনৰ মজিয়াত বিৰোধীৰ প্রতিটো প্রশ্ণৰ উত্তৰ দি বিৰোধীক প্রতিহত কৰাৰ ৰণকৌশল প্রস্তুত কৰিছে৷ সংসদীয় পৰিক্রমা বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই কয় যে বিৰোধীৰ প্রতিটো প্রশ্ণৰ উত্তৰ দি তেওঁলোকৰ মুখ বন্ধ কৰিবলৈ চৰকাৰ সাজু৷ মূল্যবৃদ্ধিৰ ক্ষেত্রত ইউ পি এ চৰকাৰৰ দিনত কিমান বেছি হৈছিল আৰু এন ডি এ চৰকাৰৰ দিনত কিমান বেছি হৈছিল সদনত সেই বুৰঞ্জী উদঙাই দিলে বিৰোধী পলাব লাগিব বুলি মন্তব্য কৰে৷

You might also like