নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি স্বগৃহলৈ চেম্পিয়ন জিণ্টিমণি কলিতা

নিয়মীয়া বাৰ্তা, ২৮মাৰ্চ: অসমৰ প্রথমগৰাকী ক্রিকেটাৰৰূপে মহিলা প্রিমিয়াৰ লীগত অংশগ্রহণ কৰি ইতিহাস সৃষ্টি কৰিলে জিণ্টিমণি কলিতাই৷ প্রথমবাৰৰ বাবে আয়োজিত ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ চহকী প্রতিযোগিতাখনৰ অন্যতম ফ্রেনচাইজী মুম্বাই ইণ্ডিয়ানছে নিলামত ক্রয় কৰিছিল মঙলদৈৰ জিণ্টিমণিক৷ অৱশ্যে দেশ–বিদেশৰ তাৰকা খেলুৱৈৰে গঠিত মুম্বাই ইণ্ডিয়ানছৰ মূল একাদশত জিণ্টিমণিৰ স্থান লাভক লৈ নিজৰ লগতে অনুৰাগীসকলৰ মাজতো অনিশ্চয়তাই দেখা দিছিল৷ কিন্তু প্রতিযোগিতা আৰম্ভ হোৱাৰ পূর্বে সীমিত সময়ৰ বাবে অনুষ্ঠিত প্রশিক্ষণ শিবিৰ আৰু নেট অনুশীলনত দর্শনীয় প্রদর্শনেৰে প্রশিক্ষকৰ মন জয় কৰিছিল জিণ্টিমণিয়ে৷ ফলত আৰম্ভণিৰ পৰাই প্রতিখন মেচত মূল একাদশত স্থান অর্জন কৰিবলৈ সক্ষম হৈছিল এইগৰাকী অসমকন্যাই৷

বিশ্ব বক্সিঙত অসমৰ আন এগৰাকী তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁয়ে স্বর্ণপদক জয় কৰি ৰাজ্যবাসীক গৌৰৱান্বিত কৰাৰ সময়তে জিণ্টিমণিৰ দল মুম্বায়ে মহিলা আই পি এলত চেম্পিয়নৰ সন্মান অর্জন কৰে৷ ট্রফী জয় কৰাৰ পিছতে উৎফুল্লিত হৈ পৰা জিণ্টিমণিয়ে কয় যে প্রতিযোগিতাখনত অংশগ্রহণ কৰি তেওঁ যথেষ্ট অভিজ্ঞতা আহৰণ কৰিছে৷ আই পি এলত মুম্বাই দলত স্থান লাভ কৰাটো তেওঁৰ বাবে ডাঙৰ কথা বুলি উল্লেখ কৰি জিণ্টিমণিয়ে কয় যে বহু তাৰকা খেলুৱৈৰ সৈতে একেলগে খেলি তেওঁ অতিশয় আনন্দিত হৈছে৷ তদুপৰি প্রথমখন প্রতিযোগিতাতে নিজ দল চেম্পিয়ন হোৱা বাবে তেওঁ অধিক উৎফুল্লিত হৈ পৰা বুলি জানিবলৈ দিয়ে৷

উল্লেখ্য যে বেটিং–বলিং উভয়তে মুম্বাই দলটো অধিক শক্তিশালী হোৱা বাবে জিণ্টিমণিয়ে মূল একাদশত থাকিলেও বেটিং আৰু বলিং কৰাৰ বিশেষ সুবিধা নাপালে৷ তথাপি দুর্দান্ত ফিল্ডিঙেৰে সুযোগৰ সদ্ব্যৱহাৰ কৰিলে ক্রিকেটাৰগৰাকীয়ে৷ আনকি এটি দুৰন্ত কেচ ধৰি তেওঁ মুম্বাই ইণ্ডিয়ানছৰ স্বত্বাধিকাৰী নীতা আম্বানিৰো প্রশংসা আদায় কৰিছিল৷ আজি পুৱা মুম্বাইৰ পৰা গুৱাহাটীত আহি উপস্থিত হ’ব ক্রিকেটাৰগৰাকী৷ জিণ্টিমণি আহি পোৱা মুহূর্তটোলৈ আগ্রহেৰে অপেক্ষা কৰিছে ৰাজ্যৰ অনুৰাগীসকলৰ লগতে তেওঁৰ পিতৃ–মাতৃয়ে৷

জিণ্টিমণিৰ মাতৃ শেৱালি কলিতাই জানিবলৈ দিয়া মতে চৰকাৰী কোৱার্টাৰত দুটা কোঠাত তেওঁলোকে কোনোমতে বাস কৰি আছে৷ এইবাৰ তাইৰ বাবে আৰু এটা কোঠা নির্মাণ কৰিছে এগৰাকী শুভাকাংক্ষীয়ে৷ জিণ্টিমণি অহাৰ পূর্বে এই কোঠাটো সম্পূর্ণ কৰি তুলিবলৈ দিনে–নিশাই কাম কৰি আছে৷ তদুপৰি কোৱার্টাৰৰ চাৰি বেৰত ৰং দিয়াৰ কামো চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে৷ আজি পুৱা গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত জিণ্টিমণিক আদৰিবলৈ পৰিয়ালৰ লগতে শুভাকাংক্ষীসকল উপস্থিত থাকিব৷

You might also like