নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি নিশাৰ আকাশত বিৰল মহাজাগতিক পৰিঘটনা

  • একেডাল সৰলৰেখাত সমাৱেশ ঘটিব পাঁচ গ্রহৰ

নিয়মীয়া বাৰ্তা, ২৮মাৰ্চ: চন্দ্র–শুক্রৰ সহাৱস্থানৰ পিছত কাইলৈ পুনৰ এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’বলৈ গৈ আছে সমগ্র পৃথিৱীবাসী৷ কাইলৈ আকাশত মঙল, বুধ, বৃহস্পতি, শুক্র আৰু ইউৰেনাছ– এই পাঁচটা গ্রহ একেডাল সৰলৰেখাত দেখিবলৈ পোৱা যাব৷ এই মহাজাগতিক দৃশ্য প্রত্যক্ষ কৰাৰ বাবে উদ্গ্রীৱ হৈ আছে মহাকাশবিদ আৰু কৌতূহলী লোকসকল৷ মঙলবাৰে আকাশত নিশা সৃষ্টি হ’ব লগা এই মহাজাগতিক পৰিঘটনা সন্দর্ভত ইতিমধ্যে পর্যালোচনা আৰম্ভ কৰিছে বিজ্ঞানীসকলে৷

You might also like