নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছত ৰাজধানী দিল্লীত ৬৮ বছৰীয়া মহিলাৰ মৃত্যু

মৃতকৰ সংখ্যা ২ লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ বিশ্বৰ শতাধিক দেশৰ লগতে ভাৰততো ন’ভেল ক’ৰোনা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে শুকুৰবাৰে দিল্লীত দেশৰ দ্বিতীয়গৰাকী ব্যক্তি এই ৰোগত মৃত্যু হয় । দেশৰ ৰাজধানীত শুকুৰবাৰে এগৰাকী ৬৮ বছৰীয়া মহিলাই এই ৰোগৰ সৈতে যুঁজি প্ৰাণ হেৰুৱাবলগীয়া হয় ।  দিল্লীত এতিয়ালৈকে ছগৰাকী ব্যক্তি ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে ৷ ইয়াৰ পূর্বে বৃহস্পতিবাৰে কর্ণাটকত এজন ৭৬ বছৰীয়া লোক এই প্রাণঘাতী ভাইৰাছত আক্রান্ত হৈ মৃত্যু হৈছিল ৷

ইফালে, ক’ৰোনা ভাইৰাছৰ সংক্রমণ ক্রমান্বয়ে দেশব্যাপী প্রসাৰিত হোৱাৰ পাছত উদ্বিগ্ন হৈছে কেন্দ্রীয় চৰকাৰ ৷ শংকিত হৈছে দেশবাসী ৷ পৰিণতিত কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ কাৰণে হেল্পলাইন নম্বৰ মুকলি কৰিছে ৷ কর্ণাটকত দেশৰ প্রথমজন ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ মৃত্যু নিশ্চিত হোৱাৰ পাছতে দেশৰ বিভিন্ন ৰাজ্যত প্রতিৰোধী ব্যৱস্থা গ্রহণ কৰি শৈক্ষিক প্রতিষ্ঠানৰ লগতে ৰাজহুৱা কার্যসূচী বাতিল কৰিছে ৷ বিদেশী খেলুৱৈৰে সমৃদ্ধ বহুচর্চিত আই পি এলো অহা ১৫ এপ্রিললৈকে স্থগিত ৰখা হৈছে ৷ দেশত ঘাতক ক’ভিড–১৯ত আক্রান্ত দুজন লোক চিনাক্ত হোৱাৰ পাছত এই ভাইৰাছত আক্রান্তৰ সংখ্যা ৭৫জনলৈ বৃদ্ধি পালে ৷

ইপিনে, কর্ণাটকত ক’ভিড–১৯ত আক্রান্তৰ মৃত্যু হোৱাৰ পাছতেই কর্ণাটক চৰকাৰে পৰৱর্তী এসপ্তাহলৈকে সকলো শৈক্ষিক প্রতিষ্ঠান, মল, ব্যৱসায়িক প্রতিষ্ঠান, ক্লাব আদি বন্ধ ঘোষণা কৰিছে৷ ৰাজ্যখনৰ মুখ্যমন্ত্রী বি এছ য়েডুৰাপ্পাই শৈক্ষিক প্রতিষ্ঠানৰ লগতে জনসমাগম বৃদ্ধি হোৱা স্থানসমূহ বন্ধ কৰাৰ লগতে অতি জৰুৰী নহ’লে ভ্রমণ নকৰিবলৈ পৰামর্শ আগবঢ়াইছে ৷ আনকি ৰাজ্যখনত এসপ্তাহলৈকে বিবাহ অনুষ্ঠান নিষিদ্ধ কৰা হৈছে৷ ৰাজ্যখনত ক’ৰোনা ভাইৰাছত সংক্রমণ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত স্বাস্থ্য সেৱাৰ কর্মচাৰীৰ চৰকাৰী বন্ধ আৰু ছুটী বাতিল কৰিছে ৷ ঠিক তেনেদৰে উত্তৰ প্রদেশতো প্রতিৰোধী ব্যৱস্থা হিচাপে সকলো শৈক্ষিক প্রতিষ্ঠান, ব্যৱসায়িক মল আদি অহা ৩১ মার্চলৈকে বন্ধ ৰখা হৈছে ৷ নয়দাত এটা ব্যক্তিগত খণ্ডৰ কাৰখানাৰ কর্মচাৰী ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাটো নিশ্চিত হোৱাৰ লগে লগে উক্ত কাৰখানাৰ ৭০৭জন কর্মচাৰীক বিশেষভাৱে নির্মিত চিকিৎসা কোঠাত ৰখা হৈছে ৷ কাৰখানাৰ কর্মচাৰীজনে সঘনে ফ্রান্স আৰু চীন ভ্রমণ কৰিছিল ৷ দিল্লীৰ বাসিন্দা এই কর্মচাৰীজন ভাইৰাছত আক্রান্ত হোৱাটো নিশ্চিত হোৱাৰ পাছতে নয়দাত থকা কাৰখানাত কর্মচাৰীসকলৰ স্বাস্থ্যৰ সূক্ষ্ম নিৰীক্ষণৰ নির্দেশ দিয়া হৈছে৷ দিল্লীত ৪জন লোকৰ দেহত ক’ৰোনা ভাইৰাছ পজিটিভ হোৱাৰ লগতে অঞ্চলটোত সৃষ্টি হোৱা শংকাৰ বাবেই ইতিমধ্যে ৩১ মার্চলৈ সকলো শৈক্ষিক প্রতিষ্ঠান আৰু মল বন্ধ ঘোষণা কৰাৰ পাছত শুকুৰবাৰে দিল্লীৰ উপ–মুখ্যমন্ত্রী মনীষ ছিছ’ডিয়াই সংবাদ মেলযোগে আই পি এলকে ধৰি সকলো ক্রীড়া প্রতিযোগিতা আৰু আলোচনা–চক্র দিল্লীত বাতিল কৰা হৈছে বুলি ঘোষণা কৰিছে ৷

লক্ষণীয় যে দেশব্যাপী ক’ৰোনা ভাইৰাছৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি প্রতিৰোধী ব্যৱস্থা গ্রহণ কৰি ছত্তিশগড় বিধানসভা অধিৱেশন অহা ২৫ মার্চলৈ স্থগিত ৰখা হৈছে ৷ ছত্তিশগড় বিধানসভাৰ অধ্যক্ষ চৰণ দাস মহন্তই বিজিনেছ এডভাইজৰী কমিটীৰ বৈঠক আহ্বান কৰি ২৫ মার্চলৈ বিধানসভাৰ কার্যসূচী স্থগিত ৰাখে ৷ আনপিনে, সেনাই বিশেষভাৱে সজ্জিত কোঠাত ৰখা এজন লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ বাতৰিয়ে শংকাৰ সৃষ্টি কৰিছে ৷ মানেচৰত সেনাৰ শিবিৰত স্থাপন কৰা বিশেষ কোঠাত এজন লোক ভাইৰাছত আক্রান্ত হোৱাৰ পাছত উক্ত কোঠাত থকা লোকসকলক সূক্ষ্ম নিৰীক্ষণ কৰা হৈছে ৷ বিগত ১৪ বছৰ ধৰি ইটালীৰ ৰেষ্টুৰেণ্টত কর্মৰত ব্যক্তিজন ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা বুলি দিল্লীৰ ছফদৰজং হাস্পতাললৈ প্রেৰণ কৰা হৈছে ৷ ক’ৰোনাই সংহাৰী ৰূপ লোৱা আন এখন দেশ ইৰানত আবদ্ধ হৈ থকা ভাৰতীয় লোকক স্বদেশলৈ ওভতাই অনা প্রক্রিয়া অব্যাহত ৰাখি ভাৰতীয় বায়ুসেনা বাহিনীয়ে পুনৰ ৪৪জন লোকক ওভতাই আনিলে৷ প্রথম পর্যায়ত ৫৮জন লোকক ইৰানৰ পৰা আনি হিন্দন বায়ুসেনা বাহিনীৰ ঘাটিত অৱতৰণ কৰোৱাৰ পাছত দ্বিতীয় পর্যায়ত ৪৪জন লোকক ইৰানৰ পৰা ওভতাই আনি মুম্বাইত ৰাখিছে ৷

You might also like