নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ ৰাজ্যৰ নির্বাচনক লৈ কঠোৰ নির্বাচন আয়োগঃ ৩১ জানুৱাৰীলৈ নিষিদ্ধ সমাৱেশ–ৰোড শ্ব’

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ দেশজুৰি ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত উত্তৰ প্রদেশকে ধৰি ৫ ৰাজ্যত ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া নির্বাচনক লৈ কঠোৰ দেশৰ নির্বাচন আয়োগ৷ উত্তৰ প্রদেশ, উত্তৰাখণ্ড, পঞ্জাব, মণিপুৰ আৰু গোৱাত নির্বাচনী প্রক্রিয়া চলি থকাৰ মাজতে নির্বাচন আয়োগে প্রথমে ১৫ জানুৱাৰী, পিছলৈ ২২ জানুৱাৰীলৈ নির্বাচনী সমাৱেশ, ৰোড শ্ব’ নিষিদ্ধ কৰে৷ দেশত ক’ভিডৰ সংক্রমণ বর্তমানো শংকাজনক হৈ থকাৰ পৰিপ্রেক্ষিততে নির্বাচন আয়োগে আজি এই নিষেধাজ্ঞা ৩১ জানুৱাৰীলৈ সম্প্রসাৰণ কৰিছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ সৈতে নির্বাচন আয়োগ আৰু ৰাজ্যকেইখনৰ নির্বাচনী বিষয়াই ভার্চুৱেলী বৈঠক সম্পন্ন কৰাৰ পিছতে এই নিষেধাজ্ঞা ঘোষণা কৰা হৈছে৷

উল্লেখ্য যে নির্বাচন আয়োগে দলসমূহৰ ক্ষেত্রত নির্বাচনী প্রচাৰক লৈ কিছু শিথিলতাও আজি জাৰি কৰিছে৷ বিশাল সমাৱেশৰ পৰিৱর্তে সর্বাধিক ৫০০ লোকৰ উপস্থিতিত প্রার্থীসকলে ২৮ জানুৱাৰীৰ পৰা নির্ধাৰিত মুকলি স্থানত সভা অনুষ্ঠিত কৰিব পাৰিব৷ নির্ধাৰিত স্থানত ৫০ শতাংশৰ উপস্থিতিৰে নির্বাচন সভা আয়োজন কৰিব পাৰিব৷ প্রথম পর্যায় ১০ ফেব্রুৱাৰীৰ ক্ষেত্রত এই শিথিলতা নির্বাচন আয়োগে জাৰি কৰিছে৷ আনপিনে ঘৰে ঘৰে প্রচাৰ চলোৱা অভিযানত সর্বাধিক ৫ৰ পৰা ১০জন লোকে অংশগ্রহণ কৰিব পাৰিব৷ নির্বাচন আয়োগৰ মুখ্য নির্বাচন আয়ুক্ত সুশীল চন্দ্রাই ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত জাৰি কৰা নিষেধাজ্ঞা কঠোৰভাৱে বলৱৎ কৰিবলৈ সংশ্লিষ্ট ৰাজ্যসমূহক নির্দেশ দিছে৷ এইক্ষেত্রত ৰাজ্য কেইখনৰ মুখ্য সচিব আৰু জিলা দণ্ডাধীশে ক’ভিড প্রট’কল মানি চলাৰ ক্ষেত্রত ৰাজনৈতিক দলসমূহৰ কার্যকলাপ নিৰীক্ষণ কৰিব৷ উল্লেখ্য যে অহা ১০ ফেব্রুৱাৰীৰ পৰা প্রথম পর্যায়ৰ ভোটগ্রহণ আৰম্ভ হৈ ৭ মার্চত সামৰণি পৰিব৷ ১০ মার্চত ফলাফল ঘোষণা কৰা হ’ব৷

You might also like