নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়াৰে পৰা বিদেশ ৰাষ্ট্ৰ কোৰিয়াত চাকৰি কৰিব পাৰিবঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উদ্যোগ

নিয়মীয়া বাৰ্তা,৯ফেব্ৰুৱাৰীঃ এতিয়াৰে পৰা বিদেশ ৰাষ্ট্ৰ কোৰিয়াত চাকৰি কৰিব পাৰিব।উচ্চ শিক্ষা নহলেও কেৱল উচ্চতৰ মাধ্যমিকত উৰ্ত্তীণ হলেও চাকৰি লাভ কৰিব কোৰিয়াত।কেৱল কোৰিয়াৰ ভাষাতো আয়ত্ব কৰিলেই হল।এতিয়া সেই ব্যৱস্থাও সুগম হোৱাৰ পথত।
উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ তথা বৌদ্ধিক পীঠস্থান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব কোৰিয়ান ভাষাৰ চাৰ্টিফিকেট পাঠ্যক্ৰম।দৰিদ্ৰতা অতিক্ৰমি বৃহৎ অৰ্থনীতিত পৰিণত হোৱা দক্ষিণ কোৰিয়াত আছে শিক্ষিত নিবনুৱাৰ বাবে বহু কৰ্মসংস্হাপন।কোৰিয়ান ভাষা নজনাৰ বাবেই দেশখনত কৰ্মসংস্হাপনৰ সুযোগ লাভ নকৰে বিদেশী সকলে।ইয়াৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষিত নিবনুৱাৰ কৰ্ম সংস্হাপনৰ উদ্দেশ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ কৰিছে কোৰিয়ান ভাষাৰ পাঠ্যক্ৰম।
অহা ২০ ফেব্ৰুৱাৰী ২০২৩ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব কোৰিয়ান ভাষাৰ এবছৰীয়া পাঠ্যক্রম।ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু দক্ষিণ কোৰিয়াৰ World Fragrant Cooperation (WFC) ৰ মাজত ইতিমধ্যে বুজাবুজি চুক্তি সম্পন্ন হয়।চুক্তি অনুসৰি ইতিমধ্যে দক্ষিণ কোৰিয়াৰ দুগৰাকী ভাষা শিক্ষক ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত হৈছেহি।অধ্যাপিকা Prof. Heeseon Park আৰু Mr. Ki Suk Lee সহ আন এজন অনুবাদকাৰী সহযোগীয়ে পাঠদান কৰিব বিশ্ববিদ্যালয়ৰ ইচ্ছুক ছাত্র ছাত্ৰীক।উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রী সকলে এই পাঠ্যক্রম সম্পন্ন কৰাৰ পাছত দক্ষিণ কোৰিয়াৰ লগতে বিশ্বৰ বিভিন্ন ঠাইত সংস্থাপনৰ সুযোগ লাভ কৰিব।এই পাঠ্যক্ৰম দুটা ষান্মাসিকত এটা বছৰত শেষ হ’ব।এই পাঠ্যক্ৰমত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ উপৰিও উচ্চতৰ মাধ্যমিকত উত্তীর্ণ যিকোনো ছাত্র-ছাত্রীয়ে নামভৰ্তি কৰিব পাৰিব।এই চাৰ্টিফিকেট পাঠ্যক্ৰমৰ উপৰিও অনাগত দিনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কোৰিয়ান ভাষাৰ ডিপ্লমা আৰু ডিগ্ৰী পাঠ্যক্ৰম খোলাৰ পৰিকল্পনা কৰিছে।শেহতীয়া এক তথ্য অনুসৰি গৱেষণা আৰু বিকাশৰ শিতানত ব্যয় কৰাৰ ক্ষেত্ৰত বিশ্বৰ প্ৰথম স্থান অধিকাৰ কৰা দেশখনেই হৈছে দক্ষিণ কোৰিয়া।দক্ষিণ কোৰিয়াই যোৱা চাৰি দশকত এক উচ্চ-প্ৰযুক্তিৰ ঔদ্যোগিক অৰ্থনীতিত পৰিণত হ’বলৈ সক্ষম তথা বৰ্তমান বিশ্ব অৰ্থনীতিৰ ট্ৰিলিয়ন ডলাৰৰ ক্লাবৰ সদস্য।বিশ্বৰ অন্যতম বৃহৎ অৰ্থনীতি এই কোৰিয়াত কৰ্মসংস্হাপনৰ বাট মুকলি কৰা উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণ কেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে স্বাভাৱিকতে নবপ্ৰজন্মলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।উত্তৰ পূৰ্ব ভাৰতৰ ভিতৰত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আৰম্ভ কৰা কোৰিয়ান শিক্ষা গ্ৰহণৰ ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে কোৰিয়ান ভাষাৰ এবছৰীয়া পাঠ্যক্ৰমৰ বাবে অন লাইন যোগে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৱেবচাইট যোগে আবেদন কৰিব পাৰিব বুলি পঞ্জীয়ক ড° পৰমানন্দ সোণোৱালে সদৰী কৰে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like