নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা চৰকাৰী কর্মচাৰীৰ বাবে পিতৃ–মাতৃ বন্দনা ছুটী

  • বঞ্চিত শিক্ষক–শিক্ষয়িত্রী
  • শিক্ষামন্ত্রী ডাঃ পেগুৰ মতে শিক্ষক–শিক্ষয়িত্রীস গৰমৰ বন্ধৰ সময়তো পিতৃ–মাতৃৰ সংস্পর্শত থকাৰ সুবিধা পায়

নিয়মীয়া বাৰ্তা,৯ফেব্ৰুৱাৰী:  আজিৰে পৰা মাতৃ–পিতৃ বন্দনাৰ বাবে মন্ত্রী, বিধায়কসকলৰ লগতে ৰাজ্যিক বিষয়া–কর্মচাৰীসক চৰকাৰৰ তৰফৰ পৰা প্রদান কৰা হৈছে বিশেষ ছুটী৷ কাইলৈ ৯ ফেব্রুৱাৰী আৰু ১০ ফেব্রুৱাৰীৰ দিন দুটা বিশেষ নৈমিত্তিক ছুটী হিচাপে প্রদান কৰাৰ লগতে অহা ১১ ফেব্রুৱাৰীৰ দিনটো দ্বিতীয় শনিবাৰ আৰু ১২ ফেব্রুৱাৰীৰ দিনটো দেওবাৰ হোৱা হেতু ৰাজ্যিক বিষয়া–কর্মচাৰীসক একেলগে চাৰিটা দিন পিতৃ–মাতৃৰ সৈতে কটাব পাৰিব৷ অৱশ্যে এই সময়ছোৱাত বিষয়া–কর্মচাৰীসক পিতৃ–মাতৃৰ সৈতে কটোৱা আলোকচিত্র নির্দিষ্ট এপত আপলোড কৰিব লাগিব৷

আনহাতে, ৰাজ্যিক বিষয়া–কর্মচাৰীক পিতৃ–মাতৃ বন্দনাৰ বাবে প্রদান কৰা এই বিশেষ ছুটী দিয়া হোৱা নাই শিক্ষক–শিক্ষয়িত্রীস৷ ইয়াকে লৈ একাংশ শিক্ষক–শিক্ষয়িত্রীৰ মাজত ক্ষোভ–সন্তুষ্টিৰো সৃষ্টি হৈছে৷ এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে শিক্ষক–শিক্ষয়িত্রীস বছৰেকত গৰমৰ বন্ধ লাভ কৰে৷ সেই গৰমৰ বন্ধৰ সময়ছোৱাত তেওঁলোকে পিতৃ–মাতৃৰ সংস্পর্শলৈ যোৱাৰ সুযোগ পায়৷ কিন্তু শিক্ষক–শিক্ষয়িত্রীৰ দৰে আন চৰকাৰী বিষয়া–কর্মচাৰীসক আন সময়ত তেনে সুযোগ নাপায়৷ আন কর্মচাৰীতকৈ শিক্ষক–শিক্ষয়িত্রীৰ সময়পঞ্জী–দিনপঞ্জি একে নহয়৷ আনহাতে বিদ্যালয় শিক্ষা বিভাগৰ খালী হৈ থকা সকলো শিক্ষক পদ অতি সোনকালে পূৰণ কৰা হ’ব বুলি জানিবলৈ দি মন্ত্রী ডাঃ পেগুৱে কয় যে শিক্ষকৰ প্রশিক্ষণৰ ওপৰতো চৰকাৰে যথেষ্ট গুৰুত্ব দিছে৷ বিদ্যালয় শিক্ষা বিভাগে সকলো শিক্ষকৰে উপযুক্ত প্রশিক্ষণৰ ব্যৱস্থা কৰিব৷ অংক আৰু বিজ্ঞান বিষয়ৰ শিক্ষকসকলৰ বাবে বিশেষ প্রশিক্ষণৰো ব্যৱস্থা কৰা হ’ব৷

You might also like