নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড – ১৯ৰ সাহাৰ্য পুঁজিলৈ এমাহৰ দৰমহা হিমা দাসৰ

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ স্বৰ্ণকন্যা হিমা দাসে বৃহস্পতিবাৰে অসম চৰকাৰৰ ক’ভিড-১৯ ৰ সাহাৰ্য পুঁজিলৈ আগবঢ়ায় এমাহৰ দৰমহা ।

বৃহস্পতিবাৰে নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে এই কথা প্ৰকাশ কৰে ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসে । এনে এক জটিল সময়ত সকলো সকলোৰে বাবে থিয় দিয়াৰ কথা উল্লেখ কৰি আৰোগ্য নিধি একাউণ্টত নিজৰ এমাহৰ দৰমহা দান কৰাৰ কথা ঘোষণা কৰে হিমা দাসে ।

উল্লেখ্য যে, ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ বহুকেইগৰাকী নামী-দামী খেলুৱৈয়ে ইতিমধ্যে নিজৰ সাহাৰ্য আগবঢ়াইছে ক’ভিড ১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ । পি ভি সিন্ধু, প্ৰাক্তন ক্ৰিকেটাৰ তথা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী আৰু বজৰং পুনিয়াই আগবঢ়াইছে সাহাৰ্য । শেহতীয়াভাৱে অসম কন্যা হিমা দাসেও নিজৰ এমাহৰ দৰমহা আগবঢ়ায় অসম চৰকাৰৰ সাহাৰ্য পুঁজিলৈ ।

You might also like