নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত মৃত্যুৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ ক’ৰোনা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ভাৰতত । বৰ্তমানলৈকে দেশত ১৬ গৰাকী লোকে এই মহামাৰীত প্ৰাণ হেৰুওৱাৰ লগতে আক্ৰান্ত হৈছে ৬৯৪ গৰাকী লোক ।

দেশত ক্ৰমাগত দুটা মৃত্যুৰ সংখ্যাও বৃদ্ধি পালে পাঁচজনলৈ । দেশজুৰি লকডাউন ঘোষণা কৰাৰ পাচতো কিন্তু বৰ্তমানেও যেন কোনো সম্বিত অহা নাই অসমৰ একাংশ লোকৰ । শুকুৰবাৰে পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত দেখা গৈছে ব্যাপক ভিৰ । লকডাউনৰ মাত্ৰ তিনিটা দিনতে বজাৰত এনে পৰিস্থিতিয়ে কিন্তু ভয়াৱহ ভৱিষ্যতৰ ইংগিত দিছে ।

You might also like