নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুত্ৰক সুঠাম-শক্তিশালী কৰিব বিচাৰে ছঈফ-কৰীণাই, প্ৰশিক্ষণ দিছে টাইকোৱাণ্ডোৰ

বিশেষ বাৰ্তা,১১ মেঃ তাৰকাৰ পুত্র-কন্যাই কিদৰে আগুৱাইছে সাধাৰণতে জনা নাযায়। কিন্তু ছঈফ আলী খান আৰু কৰীণা কাপুৰৰ পুত্র টাইমুৰক তেওঁলোকে কি কৰাব বিচাৰে তাৰে এক আভাস দিছে। কৰিণাই অলপতে নিজৰ ইনষ্টাগ্রাম একাউণ্টৰ পৰা এটা পোষ্ট কৰিছে। তাতে দেখা গৈছে কণমানি টাইমুৰক তাৰকা দম্পতিয়ে টাইকোৱাণ্ডো শিকিবলৈ দিছে। আনকি পুত্ৰই ঙালধীয়া বেল্ট লাভ কৰিছে। টাইকোৱাণ্ডো এধৰণৰ মাৰ্ছিয়েল আর্ট। তাৰ মানে পুত্রক ৰাফ এণ্ড টাফ কৰিবলৈ যে এই পন্থা অৱলম্বণ কৰিছে তেওঁলোকে সেয়া পৰিষ্কাৰকৈ ধৰা দিছে। কেৱল সেয়াই নহয়, ঠাইকোৱাণ্ডো চেন্টাৰত শিশু টাইমুৰক নিজেই লৈ যায় ছঈফ-কৰীণাই। তাৰো এখন ফটো প্রকাশ পাইছে। আনকি পুত্ৰৰ সাহস বঢ়াবলৈ বলীউডৰএই দম্পতিয়ে এজন মনোবিদো নিয়োগ কৰিছে।

You might also like