নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাব্যঋষি নীলমণি ফুকনৰ শেষ নিশ্বাস ত্যাগ

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰী: কাব্যঋষি নীলমণি ফুকন আৰু নাই। আজি পুৱা ১১.৫৫ বজাত GMCH ত ইহলীলা সম্বৰণ কৰে বিশিষ্ট কবিগৰাকীয়ে।

উল্লেখ্য যে কেইবাদিন ধৰি অসুস্থ হৈ আছিল জ্ঞানপীঠ বঁটা বিজয়ী কাব্যঋষি নীলমণি ফুকন৷ বার্ধক্যজনিত কাৰণত মঙলবাৰে দিনৰ ভাগৰে পৰাই অসুস্থ হৈ পৰা বিশিষ্ট কবিগৰাকীক  মালিগাঁৱৰ নীলাচলপুৰৰ বেজবৰুৱা নগৰত থকা ঘৰতে চিকিৎসকে চিকিৎসা কৰি আছিল যদিও উন্নত চিকিৎসাৰ বাবে তেওঁক বুধবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছিল৷ কিন্তু তাতেই আজি পুৱা চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে কাব্যঋষিগৰাকীয়ে।

অসমীয়া কাব্য সাহিত্যৰ অন্যতম পুৰোধা কাব্যঋষি নীলমণি ফুকনৰ এই মৃত্যুত এতিয়া শোকত ভাগি পৰিছে কবিগৰাকীৰ অগণন গুণমুগ্ধ৷

উল্লেখ্য যে কবিতাৰ মাজেৰেই জনতাৰ দুখক উপলব্ধি কৰিবলৈ বিচৰা বিশিষ্ট কবিগৰাকীক যোৱা ২০২২ বর্ষৰ ১১ এপ্রিলত ৰবীন্দ্র ভৱনত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু জ্ঞানপীঠ বঁটা বাছনি সমিতিৰ অধ্যক্ষ, প্রখ্যাত লেখিকা প্রতিভা ৰয়ে ভাৰতীয় সাহিত্যৰ শ্রেষ্ঠ স্বীকৃতি ‘জ্ঞানপীঠ’ বঁটাৰে সন্মানিত কৰিছিল৷

You might also like