নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰিয়াখানাত সিংহৰ দুটা পোৱালি জন্ম

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰী: অসম ৰাজ্যিক চিৰিয়াখানাৰ জীৱ–জন্তুক লৈ বিভিন্ন প্রশ্ণ উত্থাপিত হোৱাৰ মাজতে কালি চিৰিয়াখানাত দুটা সিংহৰ পোৱালি জন্ম হয়৷ ৰাজ্যিক চিৰিয়াখানাৰ ‘ৰাণী’ নামৰ সিংহিনীজনীয়ে কালি দুটা পোৱালি জন্ম দিয়ে৷ অসম ৰাজ্যিক চিৰিয়াখানাৰ এক সূত্রই জনোৱা মতে, পূর্বে চিৰিয়াখানাত সিংহৰ সংখ্যা পাঁচটা আছিল যদিও পোৱালি দুটা জন্ম পোৱাত সিংহৰ সংখ্যা ৭টালৈ বৃদ্ধি পায়৷ চিৰিয়াখানা কর্তৃপক্ষই নতুনকৈ জন্ম পোৱা সিংহৰ পোৱালি দুটাৰ লগতে পোৱালি জন্ম দিয়া ‘ৰাণী’ নামৰ সিংহিনীজনীৰ স্বাস্থ্যৰ প্রতি বিশেষ নজৰ ৰাখিছে৷ প্রয়োজনীয় খাদ্যৰ লগতে চিকিৎসকৰ পৰামর্শ অনুসৰি পোৱালি আৰু মাতৃ ‘ৰাণী’ৰ ক্ষেত্রত চিৰিয়াখানা কর্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷

You might also like