নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত বনগাঁৱত একত্ৰিত দুই শতাধিক বিহুৱা-বিহুৱতী

 

নিয়মীয়া বাৰ্তা;১২ মাৰ্চ-:ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপৰ বকোতো আজিৰে পৰা আৰম্ভ হৈছে মেগা বিহু ইভেন্তৰ অডিচন। বকোৰ বনগাঁও ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই অডিচনত দুই শতাধিক বিহুৱা বিহুৱতীয়ে অংশগ্ৰহণ কৰে। ৰাজ্য চৰকাৰে পোন প্ৰথমবাৰৰ বাবে অহা ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামত আয়োজন কৰা মেগা বিহু ইভেন্ত লৈ কামৰূপ জিলাৰ পৰা প্ৰতিনিধিত্ব কৰিব ৬০০ গৰাকী বিহুৱতীৰ লগতে ঢুলীয়া, তালিয়া আৰু পেঁপুৱাই। মেগা বিহু ইভেন্তত অংশগ্ৰহণ কৰিবলগীয়া আটাইকে শুভেচ্ছা জ্ঞাপন কৰে কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত সুজাতা গগৈয়ে। এই অনুষ্ঠানত উপস্থিত থাকে বনগাঁও খণ্ড উন্নয়ন বিষয়া গুলচান্দ চুলতানা আৰু ছয়গাওঁ ৰাজহ চক্ৰ বিষয়া সৰোজ সোনোৱাল।

 

 

You might also like