নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছৰ নমুনা পৰীক্ষা কৰা পৰীক্ষাগাৰৰ সংখ্যা চাৰিটালৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে বিভিন্ন পদক্ষেপ অব্যাহত ৰাখিছে৷ ইয়াৰ মাজতে অসমত ক’ৰোনা ভাইৰাছৰ নমুনা পৰীক্ষা কৰা পৰীক্ষাগাৰৰ সংখ্যা বৃদ্ধি পাইছে চাৰিটালৈ৷

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালে ক’ৰোনা ভাইৰাছৰ নমুনা পৰীক্ষা কৰা পৰীক্ষাগাৰৰ স্বীকৃতি লাভ কৰিছে৷ ইয়াৰ পূর্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, ডিব্রুগড়ৰ আৰ এম আৰ চি আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালে এই স্বীকৃতি পাইছিল৷ টুইটযোগে এই কথা সদৰী কৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

You might also like