নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনা সেনাৰে ভাৰতীয় সেনাৰ সংঘর্ষঃ বশিষ্ঠৰ ১৫১ বেছ হাস্পতালত চিকিৎসাধীন ৬ আহত ভাৰতীয় সেনা

  • অৰুণাচলৰ টাৱাং ছেক্টৰত চীনা সেনাৰে ভাৰতীয় সেনাৰ সংঘর্ষ
  • গুৱাহাটীৰ বশিষ্ঠৰ ১৫১ বেছ হাস্পতালত চিকিৎসাধীন ৬ আহত ভাৰতীয় সেনা
  • কেইবাজনো শীর্ষ সেনা বিষয়াই ল’লে আহত জোৱানৰ স্বাস্থ্যৰ বুজ

 

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰ : অৰুণাচল প্রদেশৰ টাৱাং ছেক্টৰৰ এলএচিৰ কাষত যোৱা ৯ ডিচেম্বৰত ভাৰত আৰু চীনা সৈন্যৰ মাজত হোৱা সংঘর্ষক লৈ এতিয়াও সীমান্তত উত্তেজনা অব্যাহত আছে৷ চীন–ভাৰতৰ জোৱানৰ মাজত হোৱা হতাহতিৰ ফলত দুয়োপক্ষৰ কেইবাজনো সৈনিক আহত হৈছিল৷ আহত হোৱা ভাৰতীয় জোৱানৰ ছয়গৰাকীক কালি ভর্তি কৰোৱা হৈছে গুৱাহাটীৰ বশিষ্ঠত থকা ভাৰতীয় সেনা বাহিনীৰ ১৫১ বেছ হাস্পতালত৷ চীনা সৈন্যৰ সৈতে হোৱা হতাহতিত আহত হোৱা এই জোৱানকেইজন ভাৰতীয় সেনাৰ কোনটো ৰেজিমেণ্টৰ সেয়া এতিয়াও স্পষ্ট কৰা নাই সেনাবাহিনীয়ে৷ সেনাৰ সূত্রই সদৰী কৰা মতে চিকিৎসালয়ত ভর্তি কৰোৱা এই জোৱানকেইজনৰ আঘাত গুৰুতৰ নহয় যদিও ইণ্টাৰনেল ইনজ’ৰি সন্দর্ভত পৰীক্ষা কৰাৰ বাবে তেওঁলোকক চিকিৎসালয়ত কিছুদিন ধৰি চিকিৎসা চলোৱা হ’ব৷

ইফালে, অৰুণাচলৰ টাৱাঙত সংঘটিত এই ঘটনাৰ পাছত দেশজুৰি সৃষ্টি হোৱা প্রতিক্রিয়াৰ মাজতে আজি বশিষ্ঠৰ সেনাবাহিনীৰ চিকিৎসালয়ত আঘাতপ্রাপ্ত জোৱানকেইজনৰ স্বাস্থ্যৰ বুজ লয় ভাৰতীয় সেনাবাহিনীৰ কেইবাজনো শীর্ষ বিষয়াই৷ উল্লেখ্য যে ২০২০ চনৰ জুন মাহত লাডাখৰ গালৱান উপত্যকাত চীন আৰু ভাৰতৰ মাজত হোৱা সংঘর্ষত কেইবাজনো জোৱান শ্বহীদ হৈছিল৷ সেই ঘটনাক লৈ ৩০ মাহতকৈও অধিক সময় ধৰি চীনৰ সৈতে চলি আছিল সংঘাত৷ এনে উত্তেজনা কিছু শাম কটাৰ সময়তে ৯ ডিচেম্বৰত চীনৰ সৈন্যই পুনৰ টাৱাং ছেক্টৰৰ এলএচিৰ কাষত ভাৰতীয় জোৱানৰ সৈতে সংঘর্ষত লিপ্ত হোৱা ঘটনাই সীমান্তত উত্তেজনা বৃদ্ধি কৰিছে৷

ইফালে,   সংসদত প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে প্রকাশ কৰা অনুসৰি টাৱাঙত সংঘটিত ঘটনাত ভাৰতীয় সেনাৰ এজনো জোৱান গুৰুতৰভাৱে আহত হোৱা নাই৷ তথাপি টাৱাঙৰ পৰা গুৱাহাটীলৈ ভাৰতীয় সেনাৰ জোৱানকেইজনক উন্নত চিকিৎসাৰ বাবে প্রেৰণ কৰাৰ কথা সদৰী কৰিছে সেনাৰ সূত্রই৷ উল্লেখ্য যে ৯ ডিচেম্বৰত উক্ত ঘটনাত ভাৰতীয় সেনাৰ প্রায় ৩০জন জোৱান আঘাতপ্রাপ্ত হৈছিল৷ অৱশ্যে ভাৰতীয় সেনাই চীনৰ সেনাক বাধা দিয়াই নহয়, নিজৰ স্থানলৈ উভতি যাবলৈও বাধ্য কৰিবলৈ সক্ষম হৈছে৷

You might also like