নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধংদেহি ভাৰতঃ টাৱাং সীমান্তৰ আকাশত ভাৰতীয় বায়ুসেনাৰ পেট্রলিং

  • ভাৰত–চীন সীমান্তৰ টাৱাং এলএচিৰ সমীপত সংঘর্ষ
  • চীনৰ পিএলএৰ আগ্রাসন ব্যর্থ কৰাৰ পাছতে ভাৰতীয় বায়ুসেনা বাহিনীৰ আকাশত বিমানেৰে পেট্রলিং
  • এলএচিৰ উত্তেজনাক লৈ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ এনএছএ, সেনাৰ মুৰব্বী আৰু চিডিএছৰ সৈতে উচ্চ পর্যায়ৰ বৈঠক

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰ : অৰুণাচল প্রদেশৰ টাৱাঙৰ আকাশত এতিয়া ভাৰতীয় বায়ুসেনাৰ বিমানৰ পেট্রলিং৷ আগ্রাসী চীনৰ পিএলএ জোৱানক এলএচিৰ সমীপৰ পৰা খেদি পঠিওৱাৰ পাছতে টাৱাঙৰ আকাশত বায়ুসেনাই বিমানেৰে চুবুৰীয়া ৰাষ্ট্রখনৰ সেনাৰ গতিবিধি নিৰীক্ষণ কৰি আছে৷ টাৱাঙৰ এলএচিৰ সিপাৰে থকা আগ্রাসী চীনৰ সেনাই এলএচি উলংঘন কৰিলে প্রত্যাহ্বান জনাবলৈ সাজু হৈ আছে ভাৰতীয় সেনা৷

টাৱাং সীমান্তত স্থল বাহিনীৰ জোৱান সষ্টম হৈ থকাৰ বিপৰীতে আকাশীমার্গত বায়ুসেনাৰ বহুমুখী যুদ্ধ বিমানৰ পেট্রলিং চলিছে৷ যোৱা ৯ ডিচেম্বৰত টাৱাঙৰ এলএচিৰ সমীপৰ ৱাংজিত ভাৰতীয় ভূমিত প্রৱেশ কৰিবলৈ চেষ্টা কৰা ৩০০ পিএলএ জোৱানক বীৰত্বৰে প্রত্যাহ্বান জনাই খেদি পঠিওৱা ভাৰতীয় সেনাই চুবুৰীয়া ৰাষ্ট্রখনৰ যিকোনো প্রত্যাহ্বানৰ বাবে নিজকে প্রস্তুত কৰি ৰাখিছে৷ যোৱা ৯ ডিচেম্বৰৰ উত্তেজনা এতিয়াও অব্যাহত আছে সীমান্তত৷ ২০২০ চনৰ জুন মাহত লাডাখৰ গালৱান উপত্যকাত চীন–ভাৰতীয় সেনাৰ মাজত ভয়াৱহ সংঘর্ষ সংঘটিত হোৱাৰ দুবছৰৰ মূৰকত অৰুণাচল প্রদেশৰ টাৱাঙত চীনা সৈন্যই একেই কৌশলেৰে ভাৰতীয় ভূমিত প্রৱেশৰ চেষ্টা চলালেও ভাৰতীয় সেনাই তাক প্রতিৰোধ কৰাই নহয়, এলএচিৰ সমীপৰ পৰা চীনা সেনাক খেদি পঠিয়ায়৷ এই সংঘর্ষই দুয়োখন দেশৰ মাজত সৃষ্টি কৰা উত্তেজনাক শাম কটাবলৈ দুয়ো দেশে চেষ্টা চলাই থকাৰ মাজতে ভাৰতীয় সেনাই যিকোনো প্রত্যাহ্বানৰ বাবে সাজু হৈ আছে৷

টাৱাং সীমান্তত ভাৰতীয় বায়ুসেনাৰ বিমানৰ পেট্রলিং চলি থকাৰ মাজতে নতুন দিল্লীত আজি পুৱা কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে এনএছএ অজিত ডোভাল, সেনাৰ মুৰব্বী আৰু চিডিএছৰ সৈতে উচ্চ পর্যায়ৰ বৈঠকত মিলিত হৈ পৰৱর্তী ৰণনীতিৰ ওপৰত আলোচনা কৰে৷ আনপিনে, অৰুণাচল প্রদেশৰ সংলগ্ণ অসমৰ তেজপুৰস্থিত সেনাৰ ৪ ক’ৰৰ কার্যালয়ত শীর্ষ বিষয়াই সঘনে টাৱাঙৰ পৰিস্থিতিক লৈ আলোচনাত মিলিত হৈছে৷

উল্লেখ্য যে যোৱা ৯ ডিচেম্বৰত অৰুণাচল প্রদেশৰ উচ্চ শিখৰ ১৭ হাজাৰ ফুট উচ্চতাত ভাৰতীয় সেনা আৰু চীনৰ পিএলএৰ জোৱানৰ মাজত সংঘাত হৈছিল৷ এই শিখৰটি নিজৰ নিয়ন্ত্রণলৈ নিবলৈ বাৰম্বাৰ চীনা সেনাই চেষ্টা চলাই আহিছে৷ কিন্তু এই শিখৰটি ভাৰতীয় সেনাৰ দখলত আছে৷ সীমান্তত থকা এই শিখৰটি চীনে ভাৰতৰ পৰা কাঢ়ি নিয়াৰ চেষ্টা চলাই আহিছে৷ এনে অভিসন্ধিৰ বাবে চীনৰ সেনাই উক্তদিনাও ভাৰতৰ নিয়ন্ত্রণত থকা ভূমিত প্রৱেশ কৰিছিল যদিও ভাৰতীয় সেনাৰ বীৰত্বৰ বাবে পিছহুঁহকি যাবলৈ বাধ্য হৈছিল৷

You might also like