নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেএনইউত আক্রমণক কেন্দ্র কৰি দেশজুৰি গৰিহণাঃ তীব্র প্রতিবাদ

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ দেশৰ প্রখ্যাত শিক্ষানুষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জে এন ইউ) চৌহদত দেওবাৰে সন্ধিয়া মুখাধাৰী দুর্বৃত্তৰ দলে প্রৱেশ কৰি অপ্রৰোচিতভাৱে বিশ্ববিদ্যালয়খনৰ শিক্ষার্থী আৰু অধ্যাপকক প্রহাৰ কৰাক কেন্দ্র কৰি আজি সমগ্র দেশতে তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ বিভিন্ন ৰাজনৈতিক নেতা, দল–সংগঠন, ব্যক্তিবিশেষে গৰিহণা দিয়াৰ লগতে দেশৰ বহু ঠাইত ছাত্র আৰু নাগৰিক সমাজে তীব্র প্রতিবাদ সাব্যস্ত কৰিছে৷

দেওবাৰে সন্ধিয়া অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ প্রায় ৫০জনীয়া এটা দলে মুখত কাপোৰ বান্ধি বিশ্ববিদ্যালয়ৰ দেৱাল পাৰ হৈ হাতত লাঠী–ৰড–হকী ষ্টিক আদি লৈ কেইবাটাও হোষ্টেলত প্রৱেশ কৰি ৩৫জন শিক্ষার্থীক প্রহাৰ কৰি গুৰুতৰভাৱে আহত কৰে৷ ইয়াৰ ভিতৰত আছিল বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ সভানেত্রী আয়েশা ঘোষ৷

 এই ঘটনাৰ তীব্র প্রতিক্রিয়া প্রকাশ কৰি অর্থনীতিৰ ন’বেল বঁটা বিজয়ী তথা বিশ্ববিদ্যালয়ৰ প্রাক্তন ছাত্র অভিজিৎ বেনার্জীয়ে দেওবাৰে সন্ধিয়া বিশ্ববিদ্যালয় চৌহদত কি ঘটিছিল, সেই সম্পর্কে প্রকৃত সত্য প্রতিষ্ঠা কৰিবলৈ মোদী চৰকাৰক আহ্বান জনায়৷ এই ঘটনাৰ তীব্র প্রতিক্রিয়া প্রকাশ কৰি কংগ্রেছৰ নেতা সঞ্জয় নিৰুপমে মন্তব্য কৰিছে যে এই আক্রমণ সন্ত্রাসবাদী আক্রমণৰ সদৃশ৷ আনহাতে, পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে প্রতিক্রিয়া প্রকাশ কৰি কয় যে যেতিয়া আৰক্ষী নিষ্ক্রিয় হৈ থাকে, তেতিয়া কেজৰিৱালে কি কৰিব পাৰিব? কালি জে এন ইউত সংঘটিত হিংসাত্মক ঘটনাত উদ্বেগ প্রকাশ কৰি কংগ্রেছে প্রকাশ কৰিছে যে এই আক্রমণে মনত পেলাই দিলে নাজীৰ শাসনলৈ৷ ইফালে, বিজেপিৰ নেত্রী তথা কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে কয় যে বিশ্ববিদ্যালয় চৌহদক কেতিয়াও ৰাজনৈতিক যুদ্ধক্ষেত্রলৈ পৰিণত কৰিব নালাগে৷ কেৰালাৰ মুখ্যমন্ত্রী বিজয়নে জে এন ইউত সংঘটিত হিংসাত্মক ঘটনাক গৰিহণা দিছে৷ ইফালে, বিশ্ববিদ্যালয়খনৰ শিক্ষক সংস্থাই কালিৰ ঘটনাক তীব্র গৰিহণা দি মন্তব্য কৰে– যোৱা ৫০ বছৰে বিশ্ববিদ্যালয় চৌহদত এনে ধৰণৰ তাণ্ডৱ দেখিবলৈ পোৱা নাছিলোঁ৷ ইফালে, কালিৰ এই ঘটনাৰ পাছত বিশ্ববিদ্যালয়ৰ সবৰমতী হোষ্টেলৰ ৱার্ডেনে পদত্যাগ কৰিছে৷ ঘটনাটোক কেন্দ্র কৰি বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থা আৰু চি পি আই এমে উপাচার্যৰ বর্খাস্ত দাবী কৰে৷ আনহাতে, বি এছ পিয়ে এই আক্রমণৰ ন্যায়িক তদন্ত দাবী কৰিছে৷ ওড়িশাৰ মুখ্যমন্ত্রী নবীন পাটনায়কে গণতন্ত্রত হিংসাৰ কোনো স্থান নাই বুলি ঘটনাটোক গৰিহণা দিছে৷

You might also like